কৰিমগঞ্জ, ২ জুলাই : ৰাজ্যত দিনে-নিশাই আৰক্ষীয়ে চলাই আহিছে বিভিন্ন অপৰাধীৰ বিৰুদ্ধে অভিযান (Assam Police raids against various criminals) । বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই শৰ্মাই (Chief Minister Himanta Biswa Sarma) ৰাজ্যৰ আৰক্ষী বিভাগক অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পিছৰে পৰা আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অপৰাধীৰ বিৰুদ্ধে অভিযান ।
তেনে এক অভিযানতে বদৰপুৰৰ আৰক্ষীৰ (Badarpur Police of Karimganj District) বৃহৎ সফলতা । আৰক্ষীৰ অভিযানত আটক হয় এটা কুখ্যাত চোৰ । লগতে চোৰটোৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী । ভাংগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত এই সফলতা লাভ কৰা হয় । এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাইছিল ভাংগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত এটা দলে ।
উক্ত অভিযানৰ সময়তে জব্দ কৰা হয় বৃহৎ সংখ্যক মোবাইল ফোন (Mobile phone ceased from thief) । আনহাতে, উক্ত চুৰি ঘটনাৰ সৈতে জড়িতৰ অভিযোগত আটক কৰা হয় ঈদুল হক নামৰ এটা কুখ্যাত চোৰক । উল্লেখ্য, যোৱা ফেব্ৰুৱাৰী মাহত কাছাৰৰ জিলাৰ বৰখালা থানা এলেকাৰ বৰযাত্রাপুৰ বজাৰৰ এখন দোকানৰ পৰা চুৰি হৈছিল বহু পৰিমাণৰ মোবাইল ফোন ।
উক্ত মোবাইল ফোনখিনি সেই চুৰি হোৱা মোবাইল ফোনখিনি বুলিয়েই প্ৰকাশ কৰিছে আটক চোৰটোৱে । ঈদুল হকক আটক কৰাৰ পিছত তাৰ স্বীকাৰোক্তিৰ ভিত্তিত মোবাইল ফোনখিনি উদ্ধাৰ হয় বদৰপুৰ ভাঙ্গা বজাৰৰ এখন দোকানৰ পৰা । আৰক্ষীয়ে ইতিমধ্যে থানালৈ নি ঈদুলৰ জেৰা আৰম্ভ কৰিছে । লগতে আন কিবা চুৰি ঘটনা বা চুৰি বস্তুৰ সম্ভেদ পায় নেকি সেই সন্দৰ্ভতো সোধাপোছা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :কাংকান চাপৰিত বোকা-পানীৰ পৰা উদ্ধাৰ ঘোঁৰা