ETV Bharat / state

গ্ৰীল ভাঙি কৰায়ত্ত ঘৰত আৱদ্ধ চোৰক

কৰিমগঞ্জৰ নিলাম বজাৰত ঘৰৰ ভিতৰত আৱদ্ধ এটি চোৰ কৰায়ত্ত ৷ গ্ৰীল ভাঙি আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰটোক ৷

author img

By

Published : Jan 5, 2021, 7:31 AM IST

Thief caught in karimganj assam etv bharat news
গ্ৰীল ভাঙি কৰায়ত্ত ঘৰত আৱদ্ধ চোৰক

কৰিমগঞ্জ,5 জানুৱাৰী: অভিনৱ পন্থাৰে আৰক্ষীয়ে কৰায়ত্ত কৰিলে এটা চোৰ ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ নিলাম বজাৰ থানাৰ অন্তৰ্গত থাকা গন্ধাই দাসগ্ৰাম গাঁৱত ৷ প্ৰাপ্ত তথ্য অনুসৰি, ইয়াছিন আলী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এটা চোৰে প্ৰৱেশ কৰে ৷ কিছুসময় পাছত ঘৰটোৰ মুৰব্বী ইয়াছিন আলী উপস্থিত হোৱাত চোৰটোৱে ঘৰৰ ভিতৰৰ পৰা দুৱাৰ, গ্ৰীল আদিত তলা লগাই আত্মৰক্ষাৰ চেষ্টা চলায় ৷

ঘৰটোৰ গৰাকীয়ে এই বিষয়ে জানিব পাৰি খবৰ দিয়ে স্থানীয় আৰক্ষীক ৷ লগতে শতাধিক ৰাইজে ঘৰটো ঘেৰাও কৰাত ভিতৰতে আৱদ্ধ হৈ পৰে চোৰটো ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰীল ভাঙি কৰায়ত্ত কৰে চোৰটো ৷

লগতে চাওকঃ কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.