কৰিমগঞ্জ,26 মাৰ্চ : বাংলাদেশৰ দুশ বছৰ পুৰণি মছজিদ পুনৰ নিৰ্মাণক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশৰ সীমান্তত দুয়ো দেশৰ সেনা বাহিনীৰ মাজত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে ৷ বাংলাদেশৰ মছজিদ নিৰ্মাণত বিএছএফে বাধা প্ৰদান কৰাত কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশৰ বিয়ানীবজাৰ লাফাশাইলত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে ৷
ছিলেট জিলাৰ বিয়ানীবজাৰ থানাৰ অন্তৰ্গত গজুকটা এলাকাত 200 বছৰ পুৰণি এটা মছজিদ জহি-খহি যোৱাৰ ফলত পুনৰ নিৰ্মাণ কৰাৰ বাবে বাংলাদেশী লোকে চেষ্টা চলাইছিল ৷ ভাৰতীয় সীমান্তৰক্ষী বাহিনীৰ আপত্তিৰ পাচতো বাংলাদেশৰ এচাম লোকে মছজিদ পুনৰ নিৰ্মাণ কৰাৰ চেষ্টা চলোৱাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু বডাৰ গাৰ্ড বাংলাদেশৰ মাজত তীব্ৰ উত্তেজনাই দেখা দিয়ে ৷

ফলস্বৰূপে বিএছএফৰ জোৱানে সীমান্তত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিয়ে ৷ উল্লেখ্য যে, ইন্দিৰা-মুজিব চুক্তি অনুসৰি সীমান্তৰ পিলাৰৰ পৰা দেশৰ গজ এৰি ভাৰতে হওঁক বা বাংলাদেশে হওঁক নিৰ্মাণ কাৰ্য কৰিব কিন্তু লাফাশাইলত থকা তথা বাংলাদেশৰ ভিতৰৰ গজুকটাৰ এই পুৰণি মছজিদটো 1357 নং পিলাৰৰ একেবাৰে কাষত 150 গজৰ ভিতৰত হোৱা বাবে বিএছএফে বাধা প্ৰদান কৰে ৷
ইয়াৰ ফলত যোৱা তিনি দিন ধৰি ভাৰত-বাংলাদেশ সীমান্তত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ বাংলাদেশৰ তৰফৰ পৰা বৰ্ডাৰ গাৰ্ড বাংলাদেশে জিৰো লাইনৰ ওপৰত বাহৰ পাতি শক্তি বৃদ্ধি কৰাৰ লগতে বাংকাৰো সাজিছে ৷
লগতে পঢ়ক : আজি কমলপুৰত ৰণ ডংকা বজাব অমিত শ্বাহে