ETV Bharat / state

এগৰাকী মানসিক বাধাগ্ৰস্ত ব্য়ক্তিক কেন্দ্ৰ কৰি ভাৰত-বাংলা সীমান্তত উত্তেজনা

author img

By

Published : May 2, 2020, 8:09 PM IST

ত্ৰিপুৰাৰ ছাব্ৰুম এলেকাৰ ভাৰত-বাংলা সীমান্তত বিৰাজমান যুদ্ধংদেহী পৰিৱেশ । ভাৰত-বাংলা সীমান্ত নিৰ্ধাৰণ কৰা ফেনী নৈৰ মাজত উদ্ধাৰ হোৱা মানসিক বিকাৰগ্ৰস্ত মহিলাৰ নাগৰিকত্বক কেন্দ্ৰ কৰি সৃষ্টি এই অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

Tension grips in India-Bangladesh border

কৰিমগঞ্জ, 2 মে': তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ত্ৰিপুৰাৰ ছাব্ৰুম এলেকাত । অস্ত্ৰ শস্ত্ৰ লৈ সাজু ভাৰত আৰু বাংলাদেশ উভয় দেশৰ সুৰক্ষা বাহিনী । ছাব্ৰুমৰ ফেনী নৈৰ দশমী ঘাটত পৰিলক্ষিত হৈছে এই যুদ্ধংদেহী পৰিৱেশৰ । ফেনী নৈয়ে সীমা নিৰ্ৰণ কৰা উভয় দেশতে এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত লোকক কেন্দ্ৰ কৰি ।

মানসিক বিকাৰগ্ৰস্ত লোকৰ নাগৰিকত্বক লৈ উত্তেজিত ভাৰত-বাংলা সীমান্ত

উল্লেখ্য যে, ফেনী নৈৰ মাজত উদ্ধাৰ হোৱা এগৰাকী মানসিক বাধাগ্ৰস্ত মহিলাৰ নাগৰিকত্বক লৈ সৃষ্টি হৈছে উভয় দেশৰ মাজত দ্বিমত । মহিলাগৰাকীক উদ্ধাৰ কৰিছিল ভাৰতীয় সেনাই । আনকি নৈৰ মাজত আলোচনাতো মিলিত হয় উভয় দেশৰ সেনা । কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, এতিয়া মহিলা গৰাকীৰ দায়িত্ব নলয় কোনো এখন দেশেও । যাৰ ফলত উভয় দেশৰ সুৰক্ষা বাহিনীৰ মাজত কন্দলৰ সৃষ্টি হোৱাত বৰ্তমান, উভয় দেশৰ সুৰক্ষা বাহিনী সাজু হৈ আছে যিকোনো মূহুৰ্ততে হ'ব পৰা বিৰূপ পৰিস্থিতিৰ বাবে ।

লগতে পঢ়কঃ লক্ ডাউন-2ঃ সপ্তদশ দিনটোত ক'ত কি ঘটিল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.