ETV Bharat / state

কৰিমগঞ্জত জৰাজীৰ্ণ টেনিছ কোৰ্টৰ পুনৰ উদ্বোধন

নিৰ্বাচনৰ পূৰ্বে কৰিমগঞ্জৰ সুদীৰ্ঘ পুৰণি টেনিছ কোৰ্টৰ পুনৰ উদ্বোধন ।সাংসদ কৃপানাথ মাল্লা আৰু জিলা উপায়ুক্ত এম.পি. আন্বামুথানসহ কেইবাজনো শীৰ্ষ বিষয়া আৰু ৰাজনৈতিক নেতা, খৈলুৱৈৰ উপস্থিতিত উদ্বোধন ।

কৰিমগঞ্জত জৰাজীৰ্ণ টেনিছ কোৰ্টৰ পুনৰ উদ্বোধন
কৰিমগঞ্জত জৰাজীৰ্ণ টেনিছ কোৰ্টৰ পুনৰ উদ্বোধন
author img

By

Published : Feb 21, 2021, 9:22 PM IST

কৰিমগঞ্জ, ২১ ফেব্ৰুৱাৰী: সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ ব্যস্ততাৰ সমান্তৰালকৈ চৰকাৰী বিষয়া, কৰ্মচাৰীৰো বৃদ্ধি পাইছে ব্যস্ততা । নিৰ্বাচনী মহাখেলত অৱতীৰ্ণ হোৱাৰ বাবে টঙালি বান্ধিছে ৰাজনৈতিক নেতাইও । ইয়াৰ মাজতেই কৰিমগঞ্জত দেখা গ'ল সাংসদ আৰু জিলা উপায়ুক্তই টেনিছ খেলি অৱসৰ-বিনোদন কৰা ।

কৰিমগঞ্জত জৰাজীৰ্ণ টেনিছ কোৰ্টৰ পুনৰ উদ্বোধন
কৰিমগঞ্জত জৰাজীৰ্ণ টেনিছ কোৰ্টৰ পুনৰ উদ্বোধন

কৰিমগঞ্জৰ টেনিছ কোৰ্টত সাংসদ কৃপানাথ মাল্লা আৰু জিলা উপায়ুক্ত এম.পি. আন্বামুথানে আপোন মনৰে টেনিছ খেলাৰ দৃশ্য পৰিলক্ষিত হয় । কৰিমগঞ্জৰ সুদীৰ্ঘ পুৰণি টেনিছ কোৰ্টত কৃপানাথ মাল্লা, এম.পি. আন্বামুথানসহ কেইবাজনো শীৰ্ষ বিষয়া আৰু ৰাজনৈতিক নেতা, খৈলুৱৈৰ উপস্থিতিত নিৰ্বাচনৰ পূৰ্বে কৰিমগঞ্জ চহৰৰ টেনিছ কোর্টৰ উদ্বোধন কৰা হয় ।

সাংসদ কৃপানাথ মাল্লায় কয় যে, বহু পুৰণি টেনিছ কোৰ্টটোক পুনৰ উদ্বোধন কৰি আটক ধুনীয়া কৰি তোলা হৈছে । এয়া কৰিমগঞ্জৰ খেলুৱৈৰ বাবে অতি লাভজনক । এই টেনিছ কোৰ্টৰ দৰেই আগন্তুক নিৰ্বাচনো বিজেপিৰ বাবে অতি মসৃন হ'ব । জিলা উপায়ুক্ত এম.পি. আন্বামুথানে খেলৰ জড়িয়তে অৱসৰ-বিনোদনৰ কথা পোনপতীয়াকৈ প্ৰকাশ নকৰিলেও স্বাস্থ্যই প্ৰথম, স্বাস্থ্য ভালে থাকিলেহে সকলো ঠিকে থাকিব বুলি কয় ।

লগতে পঢ়ক:বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.