ETV Bharat / state

Mysterious natural gas leakage:পাথাৰকান্দিৰ গোপালপুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ - undefined

পাথাৰকান্দিৰ গোপালপুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ ৷ পাথাৰকান্দি বিধানসভাৰ লোৱাইৰপোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডেংগাৰবন্দ গাঁও পঞ্চায়তৰ গোপালপুৰ গাঁৱৰ ভূমিৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গত হৈ আছে ৷

Mysterious natural gas leakage
নিৰ্গত হৈছে প্ৰাকৃতিক গেছ
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:35 PM IST

মাটিৰ তলৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ

কৰিমগঞ্জ, 1 ছেপ্টেম্বৰ : পাথাৰকান্দিৰ গোপালপুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ ৷ অহৰহ নিৰ্গত হোৱা এই গেছত জ্বলি আছে জুই ৷ দীৰ্ঘদিনৰ পৰা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভাৰ লোৱাইৰপোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডেংগাৰবন্দ গাঁও পঞ্চায়তৰ গোপালপুৰ গাঁৱৰ ভূমিৰ পৰা এনেদৰে প্ৰাকৃতিক গেছ নিৰ্গত হৈ আছে ৷ বাঁহ বা আন সামগ্ৰীৰে অগ্নি সংযোগ কৰিলে ই অবিৰতভাৱে জ্বলি থাকে ৷

উল্লেখ্য যে, বিগত দিন সমূহত কেইবাবাৰো তেল আৰু গেছ অন্বেষণ কোম্পানীৰ লগতে এই বিষয়টো জিলা আয়ুক্তক জনোৱাৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত শুকুৰবাৰে সাংবাদিকৰ আগত একাংশ স্থানীয় ৰাইজে কয় যে প্ৰায় এশ বছৰ পূৰ্বে এই অঞ্চলত বহু পৰিমাণৰ নিমখীয়া পানী আৰু মিথেন গেছ পোৱাৰ খবৰ পোৱা গৈছিল ৷ ইয়াত মাটিৰ তলৰ পৰা অহৰহ নিৰ্গত হৈ থাকে গেছ ৷ তাত পুতি থোৱা যিকোনো ধৰণৰ বাঁহ, কাঠত জুই লাগে, সপ্তাহৰ পিছত সপ্তাহ জ্বলি থাকে ৷

গাঁওখনৰ আন এজন জ্যেষ্ঠ নাগৰিকে কয় যে বহু বছৰ পূৰ্বে এই অঞ্চলত বিভিন্ন চিকাৰীয়ে চিকাৰ ফান্দত পেলাইছিল ৷ কাৰণ ইয়াৰ নিমখীয়া পানী খাবলৈ বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বনৰীয়া জন্তুৰ আগমণ ঘটিছিল ৷ পৰৱৰ্তী সময়ত অ'এনএনজিচি কৰ্তৃপক্ষই ঘোষণা কৰিছিল যে এই অঞ্চলত বৃহৎ পৰিমাণৰ মিথেন গেছ আৰু অন্যান্য খনিজ পদাৰ্থ আছে ৷ কিন্তু এই বৃহৎ পৰিমাণৰ গেছ আৰু খনিজ পদাৰ্থ আহৰণ কৰাটো সহজসাধ্য নহয় ৷ গতিকে অ'এনএনজিচি কৰ্তৃপক্ষই এই প্ৰাকৃতিক সম্পদ আহৰণৰ পৰা বিৰত থাকে ৷

এই অঞ্চলত যে বহু খনিজ পদাৰ্থ সঞ্চিত হৈ আছে সেয়া প্ৰমাণিত হৈছে ৷ চৰকাৰে এই সম্পদ আহৰণৰ ব্যৱস্থা কৰি দেশৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি মন্তব্য কৰে স্থানীয় লোকে ৷ গতিকে স্থানীয় ৰাইজে এই ক্ষেত্ৰত নতুনকৈ অঞ্চলটোত অনুসন্ধান চলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত আৰু বিধায়কক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : Artificial flood in Lakhimpur: ছমাহেই পানীৰ তলত লখিমপুৰ পৌৰসভাৰ পৌৰপতিৰ ৱাৰ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.