কৰিমগঞ্জ, 20 আগষ্টঃ বিধানসভাৰ পূৰ্বৰ উপাধ্যক্ষ তথা কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই নিৰ্বাচনৰ পূৰ্বে ৰাতাবাৰী বিধানসভাৰ গান্ধীনগৰ জিপিৰ জৰীৰগোল গাঁৱত বিদ্যুত সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ আৰু প্ৰতিশ্ৰুতি অনুসৰিয়ে কেইবাখনো গাঁৱত বিদ্যুতৰ খুটা স্থাপন কৰিছিল। কিন্তু নিৰ্বাচনৰ পিচত বাস্তৱত পৰিণত নহ'ল এই প্ৰতিশ্ৰুতি ।
![SUICIDE ATTEMPT IN FRONT OF MP HOUSE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-krj-803-20aug-suicide-attempt-in-front-of-mp-house_20082019134658_2008f_1566289018_573.jpeg)
বিদ্যুৎ সংযোগ লাভ নকৰি বিজিত দাস নামৰ এজন যুৱকে কৃপনাথ মাল্লাৰ ঘৰৰ সন্মুখত পেট্ৰ'ল ঢালি আত্মহননৰ চেষ্টা চলায়। সাংসদ গৰাকীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ৰামকৃষ্ণনগৰ আৰক্ষী উপস্থিত হৈ আত্মহত্যাৰ চেষ্টা কৰা যুৱকক আটক কৰি থানালৈ লৈ যায়। পিচত সাংসদ কৃপানাথ মাল্লা থানাত উপস্থিত হৈ যুৱকজনক বুজাই ঘৰলৈ পঠায় দিয়ে ৷