ETV Bharat / state

কৰিমগঞ্জত পুত্ৰই প্ৰাণ ল'লে পিতৃৰ - কাঠৰ টুকুৰাৰে মুৰত প্ৰহাৰ কৰি হত্যা

পুত্ৰই দাবী কৰা হাত খৰচ দিবলৈ অমান্তি হোৱাটোৱেই কাল হ'ল পিতৃৰ ৷ কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি হত্যা পিতৃক ৷

কৰিমগঞ্জত পুত্ৰই প্ৰাণ ল'লে পিতৃৰ
author img

By

Published : Sep 6, 2019, 1:53 PM IST

কৰিমগঞ্জ, 6 ছেপ্তেম্বৰঃ কৰিমগঞ্জ জিলাৰ বাজাৰিছড়াত হৃদয়বিদাৰক ঘটনা ৷ বৃহস্পতিবাৰে পাষাণ পুত্ৰৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ'ল পিতৃৰ ৷ পুত্ৰই দাবী কৰা হাত খৰচৰ টকা দিবলৈ পিতৃ অমান্তি হোৱাৰ বাবেই কৰণ বাউৰি (22) নামৰ পাষণ্ড পুত্ৰই পিতৃ নাৰায়ন বাউৰি'ক (50) কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰে । স্থানীয় লোকে সংকটজনক অৱস্থাত নাৰায়ন বাউৰিক স্থানীয় হস্পিটালত লৈ নিয়ে যদিও হাস্পতালতেই তেওঁৰ মৃত্যু হয় ৷

মৰণোত্তৰ পৰীক্ষাৰ পাচত আৰক্ষীয়ে মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিছে যদিও এতিয়াও পলাতক অৱস্থাত আছে হত্যাকাৰী পুত্ৰ ৷

Intro:Body:SLUG : SON MURDERED HIS FATHER.

পাষণ্ড পুত্ৰৰ নিৰ্মম প্ৰহাৰত  প্ৰান গল এগৰাকী পিতৃৰ । হৃদয় বিদাৰক এই ঘঠনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ বাজাৰিছড়া আৰক্ষী থানা ৰ অন্তৰ্গত ইচাবিল চাহ বাগিছাৰ 4 নং লাইনত । কৰণ বাউৰি (22) নামৰ পাষণ্ড পুত্ৰই নিজ পিতৃ নাৰায়ন বাউৰি'ক (50) কাঠৰ টুকুৰাৰে মুৰত প্ৰহাৰ কৰি হত্যা কৰে । আৰু হত্যাকাণ্ডৰ কাৰন হৈছে পুত্ৰই দাবী কৰা হাতখৰচাৰ টকা দিবলৈ পিতৃয়ে অমান্তি হৈছিল । সেয়ে প্ৰথমে পিতা পুত্ৰৰ মাজত বাকবিতণ্ডা আৰু পিছত পুত্ৰ কৰণ বাউৰিয়ে কাঠৰ টুকুৰাৰে পিতৃ নাৰায়ন বাউৰিৰ মুৰত কৰিছিল আঘাত । আৰু ইয়াৰ পিছত স্থানীয় লোকে সংকটজন অবস্থাত নাৰায়ন বাউৰিক স্থানীয় হস্পিটালত লৈ গৈছিল যদিও শেষ ৰক্ষা হোৱা নাছিল । বৃহস্পতিবাৰে সংঘটিত এই ঘঠনাই এলেকাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ । ইতিমধ্যে বাজাৰিছড়া আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষা সামৰি পৰিয়ালৰ হাতত সমজাই দিছে যদিও ঘাতক পুত্ৰ কৰণ বাউৰি এতিয়াও পলাতক অবস্থাত আছে । 

Byte: younger son.

Sanjit koiri ,patharkandi.
Etv bharatConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.