কৰিমগঞ্জ,12এপ্ৰিল: দক্ষিণ কৰিমগঞ্জৰ চুপ্ৰাকিন্দিত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত সাপৰ তাণ্ডৱ । এটা, দুটা নহয় একেখন সভাতে ওলাল বহু কেইটা সাপ । শুকুৰবাৰে কৰিমগঞ্জ সুপ্ৰাকান্দিত হেলিকপ্টাৰ লৈ কৃপানাথ মাল্লাহৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কিন্ত হঠাতে জনসভাৰ মাজত সাপ উলোৱাত সভাস্থলীত হোৱাদোৱা লাগে ৷ যাৰ ফলত কিছু সময়ৰ বাবে মঞ্চত ভাষণত ব্যস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ স্থগিত ৰাখিবলগীয়া হয় ৷ অৱশ্যে সভাস্থলীত উপস্থিত থকা অৰ্ধসামৰিক বাহিনীৰ জোৱানে সাপ কেইটা সভাস্থলীৰ পৰা আঁতৰাই পঠায় ৷
ইপিনে সভাৰ শেষত সাংবাদিকে নিৰ্বাচনী সভাত সাপ ওলোৱা প্ৰসংগৰ বিষয়ে প্ৰশ্ন কৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাসন্তী পূজা আৰম্ভ হোৱাৰ কথা কৈ এই সময়ত সৰ্প দৰ্শনৰ সন্মুখীন হোৱাটো শুভ লক্ষণ বুলি উল্লেখ কৰে ৷