ETV Bharat / state

পথত গছ বগৰাই ডকাইতে লুটিলে ৪ লাখ ৫০ হেজাৰ টকা - ডেগাৰ আদি দেখুৱাই গাড়ীত আক্রমণ

নিলামবজাৰত ডকাইতি কাণ্ড ৷ চাৰি-পাঁচজনীয়া এটা ডকাইতৰ দলে ডেগাৰ দেখুৱাই লুটি নিয়ে চাৰি লক্ষাধিক টকা ।

robbery at nilambazar of Karimganj
robbery at nilambazar of Karimganj
author img

By

Published : Aug 17, 2020, 4:34 AM IST

কৰিমগঞ্জ, 16 আগষ্ট : নিলামবজাৰত দেওবাৰে সন্ধিয়া সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । পথত গছ পেলাই ডকাইতে লুটিলে ৪ লাখ ৫০ হেজাৰ টকা । নিলামবজাৰৰ পৰা উষাৰাণী গাঁৱলৈ যোৱাৰ পথত ৰূপাৰ গুলত সংঘটিত হয় এই ডকাইতিৰ ঘটনা । চাৰি-পাঁচজনীয়া এটা ডকাইতৰ দলে ডেগাৰ আদি দেখুৱাই গাড়ীত আক্রমণ কৰি কবিৰ আহমদ পৰা লুটি নিয়ে ধন । ঘটনাৰ সবিশেষ জনায় নিলামবজাৰ আৰক্ষী থানাৰ গোচৰ ৰুজু কৰে ভুক্তভোগীয়ে। ঘটনাৰ পাচত ৰাইজে নিলামবাজাৰ আৰক্ষী থানা ঘেৰাও কৰি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে । এই ডকাইতি কাণ্ডক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য ৷

পথত গছ বগৰাই ডকাইতে লুটিলে ৪ লাখ ৫০ হেজাৰ টকা

উল্লেখ্য যে, বিভিন্ন সময়ত নিলামবজাৰ আৰক্ষী থানাৰ অধীনৰ অঞ্চলসমূহত ডকাইতিকে ধৰি কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে ৷ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰোধ কৰিবলৈ সক্ষম হোৱা নাই অপৰাধমূলক ঘটনা ৷ আৰক্ষীৰ অপৰাধ বিৰোধী অভিযানৰ পাচতো অপৰাধীয়ে এটাৰ পাচত আন এটা অপৰাধ সংঘটিত কৰা কাৰ্যক লৈ চিন্তিত অঞ্চলবাসী ৷

লগতে পঢ়ক : ভূমিস্খলনৰ ফলত বন্ধ হ'ল ৭নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.