কৰিমগঞ্জ , 15 মাৰ্চ : কৰিমগঞ্জৰ চান্দখিৰা কাঠলতলীত মটৰ চাইকেল আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ পথ দুৰ্ঘটনাটোত বাইক আৰোহী নিহত হোৱাৰ লগতে আহত দুজন । আহতসকলক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷
পানীসাগৰৰ পৰা কৰিমগঞ্জলৈ যোৱাৰ সময়তে টি আৰ 05 বি 5147 নামৰ মটৰ চাইকেলকনৰ লগত ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ত্ৰিপুৰাৰ পানীসাগৰৰ বিবেক কুৰ্মীক স্থানীয় ৰাইজৰ সহযোগত পাথাৰকান্দি প্ৰাথমিক স্বাস্থ কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক ৷আনহাতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ৷