কৰিমগঞ্জ, 15 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ লালখিৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে নম্বৰপ্লেট বিহীন টাটা মেজিক ৷ দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 14 গৰাকী বাগিছা শ্ৰমিক ৷ ইচাবিলৰ পৰা পুতনী চাহ বাগিছা অভিমূখে গৈ আছিল দূৰ্ঘটনাগ্ৰস্ত বাহনখন ৷ সংকটজনক অৱস্থাত 6 জন চাহ শ্ৰমিকক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, বাগিচাৰ কৰ্মচাৰীসকলক উপযুক্ত বাহন প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷
লগতে পঢ়ক-বিটিআৰ চুক্তি স্বাক্ষৰকাৰী এবছু আৰু এনডিএফবিৰ সদস্য সকলক সম্বৰ্ধনা