কৰিমগঞ্জ, 13 চেপ্তেম্বৰ : খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ মিতিৰালিত কৰিমগঞ্জত মুকলিকৈ বিক্ৰী হৈ আছে গণ বিতৰন ব্যবস্থাৰ চাউল ৷ কেমেৰাত বন্দী PDS গুদামৰ পৰা অনা চাউলৰ বস্তা পোনপতীয়াকৈ বজাৰৰ দোকানত সোমোৱাৰ দৃশ্য ৷ কৰিমগঞ্জ চহৰৰ মুখ্য বজাৰৰ কাষত মছজিদ ৰোডৰ কেইবাজনো দোকানী এনে অসাধু ব্যৱসায়ত জড়িত থকাৰ অভিযোগ । এই কেলেংকাৰীত শাসকীয় দলৰ এচাম লোক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰাজইৰ নামত আৱণ্টিত সামগ্ৰী কেনেদৰে লুটি পুটি খাইছে সেইটো এতিয়া স্পষ্ট হৈ পৰিছে ৷
কৰিমগঞ্জত মুকলিকৈ বিক্ৰী হৈ আছে গণ বিতৰন ব্যৱস্থাৰ চাউল - খাদ্য আৰু অসামৰিক যোগান বিভাগ
কেমেৰাত বন্দী PDS গুদামৰ পৰা অনা চাউলৰ বস্তা পোনপটীয়াকৈ বজাৰৰ দোকানত সোমোৱাৰ দৃশ্য ৷ কৰিমগঞ্জ চহৰৰ মুখ্য বজাৰৰ কাষত মছজিদ ৰোডৰ কেইবাজনো দোকানী এনে অসাধু ব্যৱসায়ত জড়িত থকাৰ অভিযোগ
কৰিমগঞ্জ, 13 চেপ্তেম্বৰ : খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ মিতিৰালিত কৰিমগঞ্জত মুকলিকৈ বিক্ৰী হৈ আছে গণ বিতৰন ব্যবস্থাৰ চাউল ৷ কেমেৰাত বন্দী PDS গুদামৰ পৰা অনা চাউলৰ বস্তা পোনপতীয়াকৈ বজাৰৰ দোকানত সোমোৱাৰ দৃশ্য ৷ কৰিমগঞ্জ চহৰৰ মুখ্য বজাৰৰ কাষত মছজিদ ৰোডৰ কেইবাজনো দোকানী এনে অসাধু ব্যৱসায়ত জড়িত থকাৰ অভিযোগ । এই কেলেংকাৰীত শাসকীয় দলৰ এচাম লোক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰাজইৰ নামত আৱণ্টিত সামগ্ৰী কেনেদৰে লুটি পুটি খাইছে সেইটো এতিয়া স্পষ্ট হৈ পৰিছে ৷
কয়লা, শিল বা চুপাৰি নহয় । কৰিমগঞ্জত এইবাৰ চৰাকৰি ৰেচনৰ চাউল লুটিপুটি খোৱাৰ ছিণ্ডিকেট । PDS (গণ বিতৰন ব্যবস্থা)ৰ চাউল খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মিতিৰালিত মুকুলি বজাৰত মুকুলিকৈ বিক্ৰয় হৈ আছে । PDS গোদামৰ পৰা ঠেলাত উঠাই চাউলৰ বস্থা পোনপতিয়াকৈ বজাৰৰ দোকানত আনি সোমুৱাৰ ভয়ংকৰ দৃশ্য আমাৰ কেমেৰাত বন্দি হৈছে । কৰিমগঞ্জ চহৰৰ মুখ্য বজাৰৰ কাষত মসজিদ ৰোডত কেইবাটাও দোকানিয়ে এনে অসাধু ব্যাবসাত জড়িত আছে । এনে কেলেংকাৰিত শাসক দলৰ এচাম লোকও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
হিতাধীকাৰিয়ে মাহৰ পাছত মাহ ৰেচনত চাউল নপোৱাৰ অভিযোগ প্ৰায়ে উত্থাপিত হয় । কিন্তু চৰকাৰে চাউল যোগান দিয়াৰ পাছতো কিদৰে দুখিয়া মানুহক বঞ্চিত কৰি একাংশয় ছিণ্ডিকেট বনাই মুকুলি বজাৰত বিক্ৰয় কৰে এয়াৰ ভয়ংকৰ দৃশ্যলৈ মন কৰক । কৰিমগঞ্জ চহৰৰ মুখ্য বজাৰৰ কাষত মসজিদ ৰোডত কেইবাটাও দোকানত এনেদৰে চৰাকৰি মোহৰ থকা PDSৰ চাউলৰ বস্থা নমুৱা হৈ আছে । আচলতে এয়া কোনও নতুন কথা নহয় । বহুদিন তথা বহুবছৰ ধৰি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মিতিৰালিত এই কাৰ্য চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । দৰাকৰ আছিল কেৱল প্ৰমানৰ । এনে দৃশ্য আমাৰ কেমেৰাত বন্ধি হোৱাৰ খবৰ পাই লৌকিকতাৰ বাৱে বিভাগটোৰ কৰ্মীয়ে দোকানকেইটাত অভিযান চলাইছিল । ঠেলাত থকা বস্থা আৰু দোকানত মজুত থকা বস্থাত চৰকাৰি মোহৰ আৰু টেগৰ দৃশ্য আমাৰ কেমেৰাত বন্দি হলেও খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক সকলৰ চখুত হেনু এয়া দৃষ্ঠিগোচৰ হোৱা নাই । কেমেৰাৰ আগত একৌ নকলেও বহু ৰাইজে আমাক অবগত কৰায় কৰিমগঞ্জৰ দুগৰাকি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শকে কেইবা বছৰ ধৰি এনে অসাধু ব্যবসায়িক ব্যবসা চলাই যোৱাৰ শুয়োগ কৰি দি আহিছে । এগৰাকি পৰিদৰ্শকৰ মন্তব্যৰ পৰা স্পষ্ঠ হৈ উঠে অসাধু ব্যবসায়ি সকলক ৰক্ষনাবেক্ষন দিয়া কথা । কৰিমগঞ্জৰ এগৰাকি নাগৰিকে এয়া ব্যাপক ক্ষোভ প্ৰকাশ কৰে । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক সকলৰ লগতে আন আন বিষয়া জড়িত থকাৰ সম্ভাবনাৰ কথা উল্লেখ কৰে । লগতে শাসকীয় দলৰ এচাম লোক জড়িত থকাৰ কথা জনায় ।Conclusion: