ৰাতাবাৰী, 18 অক্টোবৰ: অহা 23 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব লগা উপনিৰ্বাচনক লৈ ৰাজ্যত বৰাকৰ পৰা ব্ৰক্ষ্মপুত্ৰলৈকে বৰ্তমান গৰম হৈছে নিৰ্বাচনী বতাহ ৷ উপনিৰ্বাচন অনুষ্ঠিত হ'ব লগা আন তিনিটা সমষ্টিৰ লগতে বৰাকৰ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিটো এতিয়া ভীৰ কৰিছে শাসক বিৰোধী উভয় দলৰ নেতা-মন্ত্ৰী আৰু পালিনেতা সকলে ৷ যাৰ ফলত নিৰ্বাচনী বতৰৰ আচিলা লৈ পুনৰ আৰম্ভ হৈছে হোজা ৰাইজক আভুৱা ভাৰাৰ খেল ৷ শুকুৰবাৰে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয়ৰ পূব প্ৰান্তত থকা কালিবাৰী এলেকাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত অনুষ্ঠিত হ'ল এখন নিৰ্বাচনী জনসভা ৷ হেলিকপ্টাৰৰে আহি ৰাতাবাৰীত উপস্থিত হৈ গেৰুৱা দলৰ সভাপতি ৰঞ্জিত দাসে নিৰ্বাচনী সভাত ৰাইজক আগন্তুক উপ নিৰ্বাচনত ৰাতাবাৰী সমষ্টিৰ সৰ্বাধিক উন্নয়নৰ বাবে বিজেপি প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহব্বান জনাই ৷
কিন্তু সভা চলি থকাৰ সময়তে সাংবাদিকৰ দৃষ্টি আকৰ্ষণ কৰিলে মঞ্চৰ পাছফালে থকা এটা পথৰ অৱস্থাই ৷ পানীৰ মাজত থকা বাঁহৰ সাঁকোৰে বিপদ সংকুল পথেৰে জাকে জাকে মানুহ আহিল ৰঞ্জিত দাসৰ জনসভালৈ ৷ হেলিকপ্টাৰৰে বিজেপি সভাপতি ৰঞ্জিত দাস আহি উপস্থিত হোৱা কালিবাৰী অঞ্চলত স্বাধীনতাৰ পাছৰে পৰা কেইবাখনো গাঁৱৰ ৰাইজে পকী পথটো দূৰৰে কথা এটা কেঁচা পথো লাভ কৰা নাই ৷ যিয়ে উদঙাই দিছে ৰাতাবাৰী সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবিখন ৷ 15 বছৰৰ কংগ্ৰেছৰ শাসন কালতো উন্নয়নৰ নামত ফুটা-কড়ি এটাও লাভ নকৰা ৰাতাবাৰীত এতিয়া বিজেপিৰ দিনটো চলিছে ৰাইজক প্ৰতাৰণাৰ এক নতুন অধ্যায় ৷
শনিবাৰে হেলিকপ্টাৰত আহি ৰঞ্জিত দাসে ৰাতাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰাকৰ উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক ভুৱা আখ্যা দি বিধায়ক দেই কয়," বিজেপিৰ উদ্দেশ্যে ৰাতাবাৰী সমষ্টি দখল কৰা হে,উন্নয়ন নহয়" ৷ ৰাইজৰ প্ৰশ্ন, কেৱল নিজৰ মাজত বোকা চটিওৱাৰ ৰাজনীতিতেই ব্যস্ত থাকিব নেকি এইসকল নেতা মন্ত্ৰী? কোনে বুজিব ৰাতাবাৰী সমষ্টিৰ ৰাইজৰ দুৰ্দশা ৷ ৰাইজৰ ধন আৰু মৰমেৰে চলি থকা এইসকল ৰাজনেতাৰ শুভবুদ্ধি উদয় হয় নে নাই পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব ৷