ৱদৰপুৰ, 23 জুনঃ ৰে'ল যাত্ৰীৰ সুযোগ সুবিধাৰ বিষয়ে জানিবলৈ দেওবাৰে উত্তৰ পূব সীমান্ত ৰে'লৱে পেচেঞ্জাৰ এমিনিটিস কমিটিয়ে বৰাকভেলী আৰু ত্ৰিপুৰা ৰেল'ৱে ষ্টেচন পৰ্যবেক্ষণ কৰে৷ এমিনিটিস কমিটিৰ 5 জনীয়া দল এটাই শিলচৰ, ৱদৰপুৰ ,কৰিমগঞ্জ আৰু ত্ৰিপুৰা ষ্টেচনৰ যাত্ৰী সকলৰ সকলো সুবিধা অসুবিধা পৰ্যবেক্ষণ কৰে ৷ লগতে ৰে'লযাত্ৰীৰ সুবিধাৰ্থে কি কি ব্যৱস্থা ল'ব পাৰি সেই বিষয়েও কমিটিখনে পৰ্যবেক্ষণ কৰে ৷ উল্লেখ্য যে, অনতিপলমে ৰে'লৱে ষ্টেচনত পেচেঞ্জাৰৰ সুবিধাৰ্থে চি চি কেমেৰা, লিফ্ট, এ চি বিশ্ৰামগাৰ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব বুলি জনায় কমিটিখনে৷
পেচেঞ্জাৰ এমিনিটিস কমিটিৰ বৰাকভেলী ৰে'লৱে ষ্টেচন পৰ্যবেক্ষণ - বৰাকভেলী
এমিনিটিস কমিটিৰ 5 জনীয়া দল এটাই শিলচৰ, ৱদৰপুৰ ,কৰিমগঞ্জ আৰু ত্ৰিপুৰা ষ্টেচনৰ যাত্ৰী সকলৰ সকলো সুবিধা অসুবিধা পৰ্যবেক্ষণ কৰে৷