ETV Bharat / state

ত্ৰিপুৰাত মুকলি বজাৰত বিক্ৰী অজগৰৰ মাংস - ত্ৰিপুৰা অজগৰৰ মাংস বিক্ৰী

উত্তৰ ত্ৰিপুৰাৰ জাম্পুই হিলচ এলেকাত মুকলিকৈ বিক্ৰী হৈছে অজগৰৰ মাংস ৷ একাংশ জনজাতীয় লোকে হাবিৰ পৰা ধৰি আনি বিক্ৰী কৰে এই মাংস ৷ জানিব পৰা মতে প্ৰতি কিলোত এহেজাৰ টকাত বিক্ৰী হয় অজগৰৰ মাংস ৷

PYTHON SALE IN OPEN MARKET AT TRIPURA
ত্ৰিপুৰাত মুকলি বজাৰত বিক্ৰী অজগৰৰ মাংস
author img

By

Published : Feb 11, 2020, 7:52 PM IST

কৰিমগঞ্জ, 11 ফেব্ৰুৱাৰীঃ জীব শ্ৰেষ্ঠ মানৱৰ অমানৱীয় কাণ্ড ৷ মুকলি বজাৰত বিক্ৰী অজগৰৰ মাংস ৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অজগৰ বিক্ৰীৰ চিত্ৰ ৷ উল্লেখ্য যে, বিগত কিছু মাহ পূৰ্বে নাগালেণ্ডৰ এখন গাঁৱত অজগৰৰ মাংস বিক্ৰীৰ ঘটনাই খলকনি তুলিছিল সামাজিক মাধ্যমত ৷ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত । উত্তৰ ত্ৰিপুৰাৰ জাম্পুই হিলচ এলেকাত মুকলি আকাশৰ তলত বিক্ৰী কৰা হৈছে অজগৰৰ মাংস ৷ একাংশ জনজাতীয় লোকে হাবিৰ পৰা ধৰি আনি বিক্ৰী কৰে এই মাংস ৷ জানিব পৰা মতে প্ৰতি কিলোত এহেজাৰ টকাত বিক্ৰী হয় অজগৰৰ মাংস ৷

ত্ৰিপুৰাত মুকলি বজাৰত বিক্ৰী অজগৰৰ মাংস

আনহাতে, একাংশ সচেতন নাগৰিকে এই ঘটনাৰ বাবে জগৰীয়া কৰিছে ত্ৰিপুৰাৰ বন বিভাগক ৷ বন বিভাগৰ দায়িত্বহীনতাৰ বাবেই এনেদৰে প্ৰাকৃতিক সম্পদসমূহৰ লগতে বন্য জীৱ জন্তুসমূহ নিশেষ হ'বলৈ ধৰিছে ৷

লগতে পঢ়ক-এটা ফেচবুক পোষ্ট দি বন্দুকৰ পথলৈ সমীৰণ..

Intro:Body:SLUG :PYTHON SALE IN OPEN MARKET AT TRIPURA. 

জীব শ্ৰেষ্ঠ মানৱৰ অমানবীয় কান্ড । ত্ৰিপুৰাত মুকলি বজাৰত বিক্ৰী চলিছে অজগৰ সাপৰ মংহ । সামাজিক মাধ্যমত ভাইৰাল অজগৰৰ মংহ বিক্ৰীৰ স্থিৰ চিত্ৰ । সচেতন মহলত ব্যপক প্ৰতিক্ৰিয়া ।

যোৱা কিছু মাহ পূৰ্বে নাগালেন্ডৰ এখন গাঁওৰ অজগৰ সাপৰ মংহ বিক্ৰীৰ ঘঠনাই জোকাৰণি সৃষ্টি কৰিছিল সামাজিক মাধ্যম ফেচবুক'ত । ঠিক তেনে এক অনুৰূপ ঘঠনা এইবাৰ সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত । উত্তৰ ত্ৰিপুৰা জিলাৰ জাম্পুই হিলচ এলেকাত মুকলি আকাশৰ তলত বিক্ৰী কৰা হৈছে অজগৰ সাপৰ মংহ । একাংশ উপজাতি সম্প্ৰদায়ৰ যুৱকে গভীৰ জংঘলৰ পৰা অজগৰ সাপ ধৰি আনি পিছে মুকলি আকাশৰ তলত বিক্ৰী কৰে অজগৰ সাপৰ মংহ । জানিব পৰা মতে অজগৰৰ মংহ প্ৰতি কিলো এহেজাৰ টকাত বিক্ৰী হয় । ভালদৰে মন কৰক স্থিৰ চিত্ৰলৈ。。。。。 এটা দুটা নহয়, ছটাকৈ অজগৰৰ কটা মুৰ একেলগে এটা পলিথিনৰ উপৰত ৰখা হৈছে  ।  আৰু এনে দৃশ্য সম্প্ৰতি ভাইৰাল হৈছে সামাজিক মাধ্যমত । একাংশই এনে ঘটনাৰ বাবে ত্ৰিপুৰাৰ বনবিভাগক জগৰীয়া কৰিছে । প্ৰশ্ন উত্থাপন হৈছে বন বিভাগৰ দায়িত্ব হীনতাৰ বলি হৈছে প্ৰাকৃতিক সম্পদ । মুঠ কথাত জীব শ্ৰেষ্ঠ মানৱৰ এনে অমানবীয় কান্ডৰ ফলত পুনৰ সামাজিক মাধ্যমত জোকাৰণি সৃষ্টি হৈছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.