কৰিমগঞ্জ, 2 নৱেম্বৰ : কৰিমগঞ্জৰ নিলাম বজাৰৰ ইশ্বৰশ্ৰী ক্লাৱৰ পূজাস্থলীত নৱমী পূজাৰ নিশা সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ পাছতে নিলাম বজাৰ আৰক্ষীয়ে তাৎক্ষণিক ভাৱে লোৱা পদক্ষেপক আদৰণি জনাইছে স্থানীয় পূজা কমিটিয়ে ৷ সোমবাৰে কৰিমগঞ্জৰ ইশ্বৰশ্ৰী গাঁৱৰ এক সংবাদমেলৰ আয়োজন কৰি পূজা সমিতিৰ কৰ্মকৰ্তাই উক্ত অবাঞ্চনীয় ঘটনাৰ দোষীক কৰায়ত্ত কৰি শান্তি সম্প্ৰীতি ৰক্ষা কৰাত আৰক্ষীৰ ভূমিকাক প্ৰশংসা কৰে ৷
উল্লেখ্য যে, দুৰ্গা পূজাৰ নৱমীৰ নিশা দুৰ্গা প্ৰতিমাৰ ঘট ভাঙিছিল তিনিজন অন্য সম্প্ৰদায়ৰ যুৱকে ৷ যাৰ পাছতেই সমগ্ৰ বৰাকতে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ ৷ কিন্তু আৰক্ষীয়ে তাৎক্ষণিক ভাৱে ঘটনাৰ তদন্ত কৰি শ্বাজাহান হুচেইন , নাজিম উদ্দিন আৰু আতিকুৰ ৰহমান নামৰ তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছিল ৷
লগতে পঢ়ক: JEE কেলেংকাৰী : 7 দিনৰ আৰক্ষী জিম্মালৈ মূল অভিযুক্ত ভার্গৱ ডেকা