ETV Bharat / state

বিধায়কৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ ৰাইজৰ

author img

By

Published : Feb 27, 2021, 5:29 PM IST

দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে প্ৰতিবাদ সমষ্টিৰ এখন গাঁৱৰ ৰাইজৰ । গাঁওখনৰ ৰাইজে যাতায়তৰ ব্যৱহাৰ কৰা একমাত্ৰ পথটো নিৰ্মাণ কৰি নিদিয়াৰ অভিযোগ ৰাইজৰ । জৰাজীৰ্ণ পথৰ বাবে ৰাইজে বিভিন্ন সময়ত হাৰাশাস্তি ভুগিবলগীয়া হয় ।

বিধায়কৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ ৰাইজৰ
বিধায়কৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ ৰাইজৰ

কৰিমগঞ্জ,২৭ ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে বিধায়কসকল ব্যস্ত হৈ পৰিছে ৰাইজৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে । বিগত সময়ত সমষ্টিত কৰা উন্নয়নৰ বুজ লোৱা দেখা গৈছে বিধায়কসকলক । কিন্তু কৰিমগঞ্জত ইয়াৰ ওলোটা ছবি দেখা গৈছে । দক্ষিণ কৰিমগঞ্জ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁৱৰ একাংশ ৰাইজে ।

স্থানীয় বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে সৰৱ হ'ল দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত কৰইবাৰী গাঁওৰ ৰাইজ । পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ পৰা ভোট আদায় কৰি অৱশেষত প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে । সেয়ে বিধায়ক আজিজ খান মুৰ্দাবাদ ধ্বনিৰে গাঁৱৰ ৰাইজে এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত হাতত লৈছে ।

পোন্ধৰ বছৰে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদে । সেয়ে বিগত নিৰ্বাচনত এআইইউডিএফ দলৰ প্ৰাৰ্থী হিচাপে গাঁৱত উপস্থিত হৈ আজিজ আহমেদ খানে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে ভোট দিলে নিৰ্মাণ কৰি দিয়া হ'ব গাঁওৰ জৰাজীৰ্ণ পথটো । কিন্তু বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আজিজ আহমেদ খানেও পাহৰিলে গাঁৱৰ লোকক দিয়া প্ৰতিশ্ৰুতিৰ কথা । অৱশেষত ২০২১ ৰ নিৰ্বাচনত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কৰইবাৰী গাঁৱৰ ৰাইজে ।

লগতে পঢ়ক:আমিনগাঁৱত চিলাৰায়ক সোঁৱৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.