কৰিমগঞ্জ,23 মে’: শনিবাৰে কৰিমগঞ্জত পিঞ্জৰাবদ্ধ হ’ল এটা নাহৰফুটুকী । দীৰ্ঘদিনৰ পৰাই বাঘে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কৰিমগঞ্জৰ পাথাৰকান্দিৰ বিভিন্ন অঞ্চলত ৷ বাঘৰ গোজৰণিত শংকিত হৈ স্থানীয় ৰাইজে পাথাৰকান্দি বন সংমণ্ডলৰ অন্তৰ্গত বান্দৰকোনা স্থানৰ শইদপুৰ গাঁৱত পাতে পিঞ্জৰা ৷ এই পিঞ্জৰাতেই সেই স্থানতেই মুজিৰ উদ্দিন নামৰ এজন ব্যক্তিৰ তৎপৰতাত শনিবাৰে নিশা পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী ৷
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে অৱগত কৰে বন বিভাগক ৷ নিশাই বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীটোক আৰু লৈ অহা হয় পাথাৰকান্দি বন সংমণ্ডলৰ কাৰ্যালয়লৈ ৷ বন বিভাগৰ লোকে জনোৱা অনুসৰি, নাহৰফুটুকীটোৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত অৰণ্যত মুকলি কৰি দিয়া হ’ব ৷