ETV Bharat / state

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ

author img

By

Published : Oct 31, 2020, 5:23 PM IST

Updated : Oct 31, 2020, 5:33 PM IST

কৰিমগঞ্জত প্ৰতিবাদ ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কৰা বিতৰ্কিত মন্তব্যৰ পিচতে সাব্যস্ত কৰে প্ৰতিবাদ ৷

PROTEST AGAINST FRANCE PRESIDENT AT KARIMGANJ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ

কৰিমগঞ্জ, 31 অক্টোবৰ : নবী হজৰত মহম্মদক লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কৰা বিতৰ্কিত মন্তব্যৰ পিচতে সমগ্ৰ বিশ্বত প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ কৰিমগঞ্জতো অব্যাহত আছে প্ৰতিবাদ ৷ শনিবাৰে জিলাখনৰ বিভিন্ন ঠাইত তীব্র প্রতিবাদ সাবস্ত কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

কৰিমগঞ্জ, পাথাৰকান্দি, কঠামনিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পুত্তলিকা দাহ কৰাৰ লগতে ফ্রান্সৰ জাতীয় পতাকাত জুই লগাই তীব্র প্রতিবাদ সাবস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ফ্ৰান্সৰ সামগ্ৰী বৰ্জন কৰক,ফ্ৰান্স মুৰ্দাবাদ আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ। ইফালে,প্ৰতিবাদকাৰীসকলে মুছলমান ৰাষ্ট্ৰসমূহক ক্ষমা খুজিবলৈকো দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে, ইছলাম সম্প্ৰদায়ৰ পয়গম্বৰ নবী হজৰত মহম্মদৰ ছবি বিকৃত ৰূপত ফান্সৰ কাৰ্টুনিষ্টে প্ৰস্তুত কৰাৰ পিচতে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে সেই কাৰ্যক সমৰ্থন কৰি বিভিন্ন মন্তব্য প্ৰদান কৰা হৈছিল ৷ সেই মন্তব্যৰ পিচতো সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : কৃষক আইনৰ বিৰোধিতাৰে মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

Last Updated : Oct 31, 2020, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.