ETV Bharat / state

জয়দ্বীপ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

হত্যাকাৰীৰ মতে, স্বাৰ্থকৰ নিৰ্দেশতে জয়দ্বীপক হত্যা কৰা হয় ৷ লগতে সুভাষৰ জয়দ্বীপৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰোশ থকাৰ কথা উল্লেখ কৰে ৷

author img

By

Published : Jun 1, 2019, 10:27 AM IST

জয়দ্বীপ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

কৰিমগঞ্জ,1 জুন: কৰিমগঞ্জৰ চাঞ্চল্যকৰ জয়দ্বীপ হত্যাকাণ্ডৰ ৰহস্য ফাদিল । ট্ৰান্সপৰ্টৰ টকা আত্মসাতৰ ঘটনা গাপ দিবলৈ মেনেজাৰক হত্যা সতীৰ্থৰ। ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰত কৰিমগঞ্জ আৰক্ষীৰ সফলতা । মূল অভিযুক্ত আৰু ঘাতকক গ্ৰেপ্তাৰ । উল্লেখ্য, এই হত্যাকাণ্ডক লৈ ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছিল কৰিমগঞ্জত । মৃতদেহ লৈ সমদল কৰি অবৰোধ কৰা হৈছিল ৰাজপথ । ৰাইজৰ হেচাত ২৪ ঘন্টাৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হয় কৰিমগঞ্জ আৰক্ষী । ধৰা পৰিল মাষ্টাৰামাইণ্ড স্বাৰ্থক নাগ আৰু মূল হত্যাকাৰী ঠেলাচালক সুভাষ নমোশুদ্ৰ। শুকুৰবাৰে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই জয়দ্বীপৰ সতীৰ্থ সুগম ট্ৰান্সপৰ্টৰ কৰ্মচাৰী স্বাৰ্থক নাগৰ ফোনৰ চুইছ অফ পোৱা যায়। সন্দেহ হোৱাৰ বাবে আৰক্ষীয়ে স্বাৰ্থকক আটক কৰি থানালৈ লৈ যায় । গোটেই নিশা জেৰা চলাই শুকুৰবাৰে দিনৰ ভাগত স্বীকাৰ কৰে যে তেওঁ ঠেলাচালক সুভাষ নমোশুদ্ৰক জয়দ্বীপক হত্যা কৰিবলৈ কৈছিল। সেই অনুসৰি, আৰক্ষীয়ে সুভাষক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ হত্যাৰ কথা স্বীকাৰ কৰে। সন্ধিয়াৰ সময়ত ধৃত সুভাষক লগত লৈ তেওঁৰ ঘৰত অভিযান চলোৱাত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যবহৃত টাইলচৰ টুকুৰা আৰু হত্যাৰ সময়ত পিন্ধা তেজ লগা কাপোৰ ৷ হত্যাকাৰীৰ মতে, স্বাৰ্থকৰ নিৰ্দেশতে জয়দ্বীপক হত্যা কৰা হয় ৷ লগতে সুভাষৰ জয়দ্বীপৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰোশ থকাৰ কথা উল্লেখ কৰে ৷

জয়দ্বীপ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

লগতে পঢ়ক: 'নাটক কৰিও স্বচ্চল জীৱন যাপন কৰিব পাৰি'

শুকুৰবাৰ নিশা এক সংবাদমেলত কৰিমগঞ্জৰ আৰক্ষী অধিক্ষক মানবেন্দ্ৰ দেৱৰয়ে ঘটনাৰ বিতং তথ্য দাঙি ধৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সুগম ট্ৰান্সপৰ্টৰ মেনেজাৰ জয়দ্বীপ বিয়াৰ বাবে এসপ্তাহ ছুটিত থকাৰ সময়ত কম্পিউটাৰ কৰ্মী স্বাৰ্থক নাগে ১১লাখ টকা আত্মসাৎ কৰিছিল । বিয়াৰ পৰা উভতি আহি টকাৰ কেলেংকাৰী পোহৰলৈ অহাত দুয়োৰ মাজত কাজিয়া হয়। বিত্তীয় কেলেংকাৰী গাপ দিয়াৰ বাৱেই স্বাৰ্থকে এই কাৰ্য কৰিবৰ বাবে পূৰ্বৰ আক্ৰোশ থকা এগৰাকী ঠেলাচালকক হত্যাকাণ্ড সংঘটিত কৰিবলৈ নিয়োগ কৰে ৷ পূৰ্বে ঠেলাচালক সুভাষ নমোশুদ্ৰই মদ্যপান কৰি হুলস্থল কৰাৰ বাবে মেনজাৰ জয়দ্বীপে গালিগালাজ পাৰি প্ৰহাৰ কৰিছিল। উল্লেখ্য, ধৃত ঠেলাচালক জনেও স্বীকাৰ কৰে,স্বাৰ্থক নাগে জয়দ্বীপক হত্যা কৰিবলৈ কোৱাত ভয় খাইছিল যদিও স্বাৰ্থকে নেতাৰ লগত ঘনিষ্ঠতা থকা বুলি কৈ তেওঁক এই কাম কৰিবলৈ আশ্বাস প্ৰদান কৰে ৷

Intro:Body:SLUG: MURDER FOR SCAM, MURDERER NABBED, KARIMGANJ
কৰিমগঞ্জৰ চাঞ্চল্যকৰ জয়দ্বীপ হত্যাকাণ্ডৰ ৰহস্য ফাদিল । ট্ৰান্চপোৰ্টৰ টকা আত্মসাতৰ ঘটনা গাপ দিবলৈ মেনেজাৰক হত্যা কৰিলে সতীৰ্থয় । ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীৰ সফলতা । লগতে গ্ৰেফতাৰ কৰা হয় মুল ঘাতকক । উল্লেখ্য, এই হত্যাকাণ্ড লৈ ব্যাপক উত্তেজনাৰ সৃষ্ঠি হৈছিল সীমান্ত চহৰত । মৃতদেহ লৈ সমদল কৰি অবৰোধ কৰা হৈছিল ৰাজপথ ।
কথাত আছে প্ৰতিটো অপৰাধৰ আঁড়ত কিবা এটা সুংসুত্ৰ থাকি যায় । চাঞ্চল্যকৰ জয়দ্বীপ হত্যাকাণ্ডৰ ক্ষেত্ৰতো এই কথা প্ৰমানিত হল । ৰাইজৰ হেঁচাত ২৪ ঘন্টাৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হল কৰিমগঞ্জ আৰক্ষী । ধৰা পড়িল মাষ্টাৰামাইণ্ড স্বাৰ্থক নাগ আৰু মুল হত্যাকাৰি ঠেলাচালক সুভাষ নমসুদ্ৰ । আচলতে যোৱাকালি হত্যাকাণ্ডৰ ঘটনা পোৰৰলৈ অহাৰ পিছতেই জয়দ্বীপৰ সতীৰ্থ সুগম ট্ৰান্চপোৰ্টৰ কৰ্মচাৰি স্বাৰ্থক নাগৰ ফোন চ্যুইচ অফ পোৱা যায় । ইয়াতে সন্দেহ হলে আৰক্ষীয়ে স্বাৰ্থকক আটক কৰি থানালৈ লৈ যায় । গোটে ৰাতি জেৰা চলাই আজি দিনৰ ভাগত স্বীকাৰ কৰে তেওঁ ঠেলাচালক সুভাষ নমসুদ্ৰক হত্যাৰ বাৱে কৈছিল । সেই অনুসৰি, আৰক্ষীয়ে সুভাষক গ্ৰেফতাৰ কৰিলে হত্যাৰ কথা স্বীকাৰ কৰে । সন্ধিয়াৰ সময়ত ধৃত সুভাষক লৈ তেওঁৰ ঘৰত অভিযান চলালে উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যবহৃত টাইলচ্-ৰ টুকুৰা আৰু পিন্ধনৰ তেজ লগা কাপোড় সমূহ । হত্যাকাৰিৰ মতে, স্বাৰ্থকৰ নিৰ্দেশতে জয়দ্বীপক হত্যা কৰিছে । লগতে নিজৰো আক্ৰোশ আছিল জয়দ্বীপে তেওঁক দুদিন থাপ্পৰ মাৰাৰ বাৱে । ইফালে হত্যাকাণ্ডৰ মুল মাষ্টাৰমাইণ্ড স্বাৰ্থক নাগ।
শুকুৰবাৰ নিশা এক সংবাদমেল পাতি কৰিমগঞ্জৰ আৰক্ষী অধিক্ষক মানবেন্দ দেবৰয়ে ঘটনাৰ বিতন তথ্য ডাঙি ধৰে । আৰক্ষীয়ে জানিব দিয়া মতে, সুগম ট্ৰান্চপোৰ্টৰ মেনেজাৰ জয়দ্বীপ বিয়াৰ বাৱে এসপ্তাহ ছুঠিত থকাৰ সময়ত কম্পিউটাৰ কৰ্মী স্বাৰ্থক নাগে ১১লক্ষ টকাৰ টকা আত্মসাত্ কৰি লৈছিল । বিয়াৰ পৰা উভতি আহি টকা কলেংকাৰি পোহৰলৈ আহিলে দুয়োৰ মাজত কাজিয়া হয় । বিত্তিয় কলেংকাৰি গাপ দিয়াৰ বাৱেই স্বাৰ্থকে নিকৃষ্ঠ ষড়যন্ত্ৰ বনায় । পূৰ্বৰ আক্ৰোশ থকা এগৰাকি ঠেলাচালকক কামত লগাই দিয়ে । পূৰ্বে ঠেলাচালক সুভাষ নমসুদ্ৰয় মদ্যপান কৰি হুলস্থল কৰিলে দু-এদিন মেনজাৰ জয়দ্বীপে গালিগালাজ পাৰি সামন্য প্ৰহাৰ কৰিছিল । আৰু সেই আক্ৰোশক কামত চলাই পুনৰ মদ্যপান কৰাই স্বাৰ্থক নাগে ঠেলাচালকক দি হত্যাকাণ্ড সংঘটিত কৰায় ।
উল্লেখ্য, ধৃত ঠেলা চালকেও স্বীকাৰ কৰে, স্বাৰ্থক নাগে জয়দ্বীপ হত্যা কৰাৰ কথা কলে তেওঁ সামান্য ভয় পাইছিল । কিন্তু ডাঙৰ ডাঙৰ নেতাৰ সৈতে তেওঁৰ অন্তৰংগতা আছে বুলি কৈ তেওঁক অভয় প্ৰদান কৰিছিল স্বার্থকে ।

         কৰিমগঞ্জ, ০১-০৬-১৯Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.