ETV Bharat / state

কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত দুৰ্নীতিৰ অভিযোগ - ছাগলমোৱা

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত বিজেপি কৰ্মীৰ মইমতালি। সমষ্টিটোত প্ৰধানমন্ত্ৰী পকী পথ যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। বাজাৰিছড়া আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদত নামিল সহশ্ৰাধিক লোক।

PMGSY corruption at karimganj
কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jan 4, 2020, 3:45 PM IST

কৰিমগঞ্জ,4 জানুৱাৰী : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী পকী পথ যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। লোয়াইৰপোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বাজাৰিছড়াৰ পৰা ছাগলমোৱা পথছোৱা নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। আকাশ এন্টাৰপ্ৰাইজ নামৰ এটা নিৰ্মাণকাৰী সংস্থাই চলোৱা এই কাম অতি লেহেমীয়া গতিত চলাৰ বাবে আজিলৈকে সম্পন্ন নহ'ল পথটোৰ নিৰ্মাণৰ কাম ।

কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত দুৰ্নীতিৰ অভিযোগ

স্থানীয় ৰাইজৰ অভিযোগ,প্ৰথমৰ পৰাই বিজেপিৰ একাংশই ভুৱা নিৰ্মাণ সংস্থাৰ নাম লৈ পুৰণা আঁচনিৰ টকা আত্মসাত কৰি একে পথৰ নামত নতুন আঁচনিৰ ধন আবন্টন কৰিছে । ইয়াকে লৈ প্ৰতিবাদ কৰোতে বিজেপিৰ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰা লোকৰ বিৰুদ্ধে আৰক্ষী লগাই দিয়াৰ পিছত উত্তেজিত হৈ পৰে গাঁৱখনৰ ৰাইজ। বাজাৰিছড়া আৰক্ষী থানা ঘেৰাও কৰি গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰু পথ নিৰ্মাণৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰে।

আৰু পঢ়ক : সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰু তৰুণ গগৈ

Intro:পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ Body:SLUG : PMGSY CORRUPTION.

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী পকী পথ যোজনাৰ কামত ব্যাপক দুৰ্নীতি । আচনীৰ কাম অসম্পূৰ্ণ ৰাখি তথ্য ফলক পৰিবৰ্তন কৰিলে বিজেপিৰ একাংশ ভেৰনীয়া বাহিনীয়ে । প্ৰতিবাদ কৰীৰ বিৰুদ্ধে আৰক্ষী লগাই ভয় ভীতি প্ৰদৰ্শন কৰিলে উত্তেজিত হৈ পৰে গাঁওৰ সৰ্বসাধাৰণ লোক । প্ৰতিবাদত সহশ্ৰাধিক লোকে বাজাৰিছড়া আৰক্ষী থানা ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে । 

পাথাৰকান্দি সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ কামত বিজেপি কৰ্মীৰ ময়মতালি । 

লোয়াইৰপোৱা উন্নয়ন খন্ডৰ অন্তৰ্গত বাজাৰিছড়াৰ পৰা ছাগলমোৱা লৈকে প্ৰধানমন্ত্ৰী পকী পথ যোজনাৰ অন্তৰ্গত পথ নিৰ্মাণৰ প্ৰায় আট কৌটি টকাৰ  কাম সম্পন্ন হোৱাৰ কথা আছিল 20/09/2019 ইংৰাজি তাৰিখৰ ভিতৰত । আকাশ এন্টাৰপ্ৰাইজ নামৰ  নিৰ্মাণকাৰী সংস্থাই চলাই যোৱা এই কাম অতি লেহেমীয়া গতিত চলি থকাৰ ফলত আজিলৈকে সম্পন্ন নহল পথটোৰ  নিৰ্মাণৰ কাম । সেয়ে গাঁওৰ একাংশ সচেতন লোকে আৰটিআই'ৰ জৰিয়তে কামৰ তথ্য বিচাৰি দেখিবলৈ পায় যে ইতিমধ্যে ব্লেক টপিং'ৰ কাম প্ৰায় সত্তৰ শতাংশ সম্পন্ন হৈ গৈছে । যত বাস্তবত ব্লেক টপিং'ৰ কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই । আনহাতে যোৱা মংগলবাৰে একাংশ বিজেপি কৰ্মীৰ সহযোগত পুৰনী তথ্য ফলক মিটাই পেলাই নতুন কামৰ তথ্য লগাই দিয়া হয় । যত দেখিবলৈ পোৱা যায় পথ এইবাৰ ঢালাই কৰি নিৰ্মাণ কৰাৰ তথ্য লগাই দিয়া হৈছে । আৰু ইয়াকে লৈ সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ । স্থানীয় ৰাইজৰ অভিযোগ, প্ৰথমৰে পৰাই বিজেপিৰ একাংশ ভেৰনীয়াই ভুৱা নিৰ্মাণ সংস্থাৰ নামৰ কাম লৈ পুৰনী আচনীৰ টকা আত্মসাত কৰি একে পথৰ নামত নতুন আচনীৰ আৱন্টন আনিছে । আৰু ইয়াৰ প্ৰতিবাদ কৰিব যাওতে ভেৰনীয়া বাহিনীয়ে প্ৰতিবাদ কৰা লোকৰ বিৰুদ্ধে আৰক্ষী লগাই দিয়াৰ পিছত উত্তেজিত হৈ পৰে গাঁওৰ সৰ্বসাধাৰণ লোক । আনকি বাজাৰিছড়া আৰক্ষী থানা ঘেৰাও কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে পথ নিৰ্মাণৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত হোৱাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী ৰাইজে ।

Byte : Local public 

 Conclusion:পাথাৰকান্দি সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ কামত বিজেপি কৰ্মীৰ ময়মতালি । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.