কৰিমগঞ্জ, 11 মে' : কৰ'ণাৰ এই জটিল সময়ছোৱাটো দুখীয়াৰ নামত অহা ধন লুন্ঠনত ব্যস্ত একাংশ ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ কোনাৰবাগাৰগোল আৰু দক্ষিণ হৰিনাদি গাঁৱৰ এটা অংগনবাদী চেন্টাৰত সংঘটিত হৈছে এই লুন্ঠনৰাজৰ ঘটনা ৷ দৰাচলতে জিলাখনৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ অংগনবাদী কৰ্মীৰ স্বামীয়ে দালালি কৰি ছাত্ৰক কম পৰিমাণে খাদ্য যোগান ধৰাৰ দৃশ্য স্থানীয় এজন লোকে কেমেৰাত বন্দী কৰাত লোকজনক প্ৰহাৰ কৰে অংগবাদী কৰ্মীগৰাকীৰ কৰ্মীয়ে ৷
আনহাতে, দক্ষিণ হৰিনাদি গাঁৱৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত আজি পৰ্যন্ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিদ্যালয়খনৰ কোনো ধৰণৰ বিকাশ হোৱা নাই বুলি অভিযোগ কৰে স্থানীয় লোকে ৷ প্ৰধান শিক্ষকে বিদ্যালয়খনৰ উন্নতিৰ বাবে কোনো ধৰণৰ কাম নকৰাৰো অভিয়োগ উত্থাপন হৈছে ৷