কৰিমগঞ্জ, 21 অক্টোবৰ: শান্তিপূৰ্ণভাবে সম্পন্ন হ’ল ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছিল ৰাতাবাৰী বিধানসভা সমষ্টিত ভোটদান । বিয়লি পাঁচ বজালৈকে প্ৰায় 74.37 শতাংশ ভোটদান হয় সমষ্টিটোত । তিনিটা কেন্দ্ৰত ই.ভি.এম বিকল হোৱাত ভোট গ্ৰহণ প্ৰক্ৰিয়া কিছু পলমকৈ আৰম্ভ হৈছিল । কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰজকে নিবিয়াত আৰু সাংসদ কৃপানাথ মাল্লাই বিদ্যানগৰ গংগা হিন্দী এল পি স্কুলৰ নিজ নিজ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে ।
ইপিনে বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰে পুৱাই ভগৱান ওচৰত সেৱা-প্ৰাৰ্থনা জনাই কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে । কিন্তু নিজৰ ভোটদান সাব্যস্ত কৰাৰ পৰা বিৰত থাকে মালাকাৰ ৷ কাৰণ তেওঁৰ ভোটদানৰ সমষ্টি হৈছে উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কৰিমগঞ্জত । 106 নং পাতিয়ালা ভোট গ্ৰহণ কেন্দ্ৰত ই.ভি.এম দুবাৰ কৈ বিকল হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ফলত ভোট দানৰ পৰা বিৰত থাকে ভোটাৰ সকল । নিৰ্বাচনী বিষয়াৰ ওচৰত পুনৰ ভোট গ্ৰহণৰ দাবী জনায় । যদিও 12 বজাৰ পৰা পুনৰ ভোটদান আৰম্ভ হয় । একেদৰে 87 নং কাজিৰবজাৰ এম ভি আৰু 572 নং গামাৰীয়া এল পি স্কুলৰ কেন্দ্ৰত দুটা মেচিন বিকল হোৱাত দুঘণ্টা ভোটগ্ৰহণ বন্ধ থাকে যদিও কিছু সময়ৰ পাছত পুনৰ আৰম্ভ হয় ।
অসমৰ তিনিটা সমষ্টিৰ লগতে ৰাতাবাৰী সমষ্টিৰো ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছে । ভোট গ্ৰহণৰ পিছত EVM মেচিন সমূহ কর্মীসকলে কৰিমগঞ্জ কলেজৰ ষ্ট্ৰং ৰূমলৈ জমা কৰে ।