ETV Bharat / state

চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এটি পৰিয়ালৰ কৰুণ গাথা

author img

By

Published : Nov 17, 2021, 9:20 PM IST

ঘৰ নে গোহালি ধৰিবই নোৱাৰি ৷ কৰিমগঞ্জৰ বয়সীয়া তিনি সহোদৰে বাস কৰে এটি উৰুখা পঁজাত ৷ শাসনাধীস্থ বিজেপি চৰকাৰখনৰ উন্নয়নৰ এক বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে কৰিমগঞ্জৰ এই পৰিয়ালটোত ৷

pathetic condition
উৰুখা পঁজাৰ কৰুণ বিননি

কৰিমগঞ্জ, 17 নৱেম্বৰ : এটি পৰিয়ালৰ কৰুণ বিননি ৷ বিজেপি শাসিত চৰকাৰখনৰ উন্নয়নৰ এক বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে কৰিমগঞ্জৰ এটি পৰিয়ালত ৷ এটি উৰুখা পঁজাত গৰু-ছাগলীৰ সহিতে সহবাস কৰিছে তিনিজনীয়া এটি দৰিদ্ৰ পৰিয়ালে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিভাগৰ উন্নয়নৰ নামত কেৱল ঢাক-ঢোল বজাওতেই পাৰ কৰিছে সময় ৷ কিন্তু প্ৰকৃত হিতাধীকাৰীয়ে কিমান পাইছে চৰকাৰী সা-সুবিধা ! তাৰেই এক উদাহৰণ কৰিমঞ্জৰ সুজিত কুমাৰ দত্তৰ এই পৰিয়ালটো ৷ সুজিত কুমাৰ দত্তই উল্লেখ কৰা অনুসৰি, তিনিজনীয়া এই পৰিয়ালটোৱে আজিলৈকে লাভ কৰা নাই চৰকাৰী আঁচনিৰ কোনো সুবিধা ৷

উৰুখা পঁজাৰ কৰুণ বিননি

সুজিত কুমাৰ দত্তই ককায়েক আৰু ভনীয়েকৰ সৈতে গোহালি সদৃশ এটা ঘৰটোতে বাস কৰে ৷ পৰিয়ালটোৰ নাই বসোপযোগী এটা ঘৰ, নাই খোৱা পানীৰ ব্যৱস্থা, নাই শৌচালয় । আনকি শুৱলৈ নাই এখন বিচনাও ৷ পৰিয়ালটোৰ অভিযোগ, চৰকাৰী আঁচনিৰ সুবিধা বিচাৰি গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ কাষ চপাৰ পাচতো আজি পৰ্যন্ত কোনো ফল লাভ নকৰিলে ৷

লগতে পঢ়ক : Reuse Of Plastic : লখিমী আত্মসহায়ক গোটে প্লাষ্টিকৰে প্ৰস্তুত কৰিছে ইটা

জানিব পৰা মতে, এই গৰাকী সুজিত দত্ত ৰাজনৈতিক বিজ্ঞান বিভাগত ডাবল এম এ আৰু বি এড ডিগ্ৰীধাৰী । বহু দিন ধৰি কৰ্মৰত হৈ আছিল এখন ভেঞ্চাৰ স্কুলত ৷ কিন্তু চাকৰি নিয়মীয়াকৰণ নোহোৱাত এতিয়া মানুহৰ ঘৰত দিন হাজিৰা কৰি পেটৰ ভাত মুঠি মোকলাই আছে সুজিত কুমাৰ দত্তই ৷

এজাক বতাহতেই ভাঙি পৰিব পাৰে থকা ঘৰটো ৷ এই পৰিয়াটোৰ এতিয়া মাথো শেষ ভৰষা এটাই, সেয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই দুৰ্ভগীয়া পৰিয়ালটোৱে বিচাৰিছে মাত্ৰ ইন্দিৰা আবাস যোজনাৰ এটা বাসগৃহ ৷ এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক : Dowry : স্বামীয়ে বিচৰা ধন দিব নোৱাৰি মাতৃগৃহ পালেহি বৰ্ণালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.