কৰিমগঞ্জ, 25 নৱেম্বৰ : অৱশেষত আৰক্ষীৰ জালত পৰিল যুৱতী ধৰ্ষণৰ গোচৰত অভিযুক্ত মোল্লা । আত্মগোপন কৰি থকা অৱস্থাত হাইলাকান্দিৰ পৰা আটক হৈছে অভিযুক্ত মোল্লাগৰাকী ৷ কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ এখন গাঁৱত কামাল উদ্দিন নামৰ মোল্লাগৰাকীয়ে চিকিৎসাৰ নামত এগৰাকী যুৱতীক কেইবা ঘন্টা আবদ্ধ কৰি ৰাখি যৌন আতিশায্য চলোৱাৰ অভিযোগ উঠিছিল । ঘটনাৰ পাচত ৰহস্যজনকভাৱে আত্মগোপন কৰি আছিল অভিযুক্ত কামাল উদ্দিনে । ঘটনাটো পোহৰলৈ অহাৰ পাচত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছিল জিলাৰ ৰাতাবাৰী সমষ্টিৰ সেই অঞ্চলত ।
দোষীক কৰায়ত্ব কৰি ফাঁচী দিয়াৰ দাবীত কেইবাটাও সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি । যোৱা শনিবাৰে সংঘটিত হোৱা এই ঘটনাৰ পাচৰ পৰা অভিযুক্তক আটক কৰাৰ বাবে ব্যাপক অভিযান অব্যাহত ৰাখিছিল কৰিমগঞ্জ আৰক্ষীয়ে । অৱশেষত মঙলবাৰে হাইলাকান্দি জিলাৰ পৰা পলাতক কামাল উদ্দিনক গ্ৰেপ্তাৰ কৰি আদালতৰ নিৰ্দেশত কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী