ETV Bharat / state

পৌৰ কৰ্মচাৰী সকলৰ খবৰ ল'বলৈ আহৰি নাই ৰাজ্য চৰকাৰৰ

author img

By

Published : Dec 17, 2020, 12:12 PM IST

বিগত 19 মাহে দৰমহা নাপাই কঠিন পৰিস্থিতিত দিন কটাব লগীয়া হোৱা পৌৰ কৰ্মচাৰী সকলৰ খবৰ ল'বলৈ আহৰি নাই ৰাজ্য চৰকাৰৰ ৷ মহামাৰী ক'ৰণাৰ সংকটৰ সময়চোৱাত পৌৰ কৰ্মচাৰীৰ লগতে হৰিজন সকলেও কঠোৰ পৰিস্থিতিৰ মুখামুখি হৈ কাম কৰিছিল ৷ কিন্তু তাৰ পাচতো চৰকাৰে তেওঁলোকৰ নুন্যতম প্ৰাপ্যখিনিও আজিলৈকে নিদিলে ৷

NO SALARY MUNICIPAL EMPLOYEES, PROTEST AGAINST GOVERNMENT  KARIMGAN
পৌৰ কৰ্মচাৰী সকলৰ খবৰ ল'বলৈ আহৰি নাই ৰাজ্য চৰকাৰৰ

কৰিমগঞ্জ, 17 ডিচেম্বৰ: লক্ষ লক্ষ টকা খৰচ কৰি ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সন্মিলন পাতিব পাৰে ; কিন্তু পৌৰ কৰ্মচাৰীৰ দৰমহা দিব নোৱাৰে, এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে কৰিমগঞ্জৰ পৌৰ কৰ্মচাৰী সংস্থাই ৷ বিগত 19 মাহে দৰমহা নাপাই কঠিন পৰিস্থিতিত দিন কটাব লগীয়া হৈছে পৌৰ কৰ্মচাৰী সকলে । মহামাৰী ক'ৰণাৰ সংকটৰ সময়চোৱাতো এই সকল পৌৰ কৰ্মচাৰীৰ লগতে হৰিজন সকলে কিট, মাস্ক নিপিন্ধাকৈ ৰাতিপুৱাৰ পৰা নিশালৈকে কঠোৰ পৰিস্থিতিৰ মুখামুখি হৈও সকলো কাম কৰি গৈছে । কিন্তু তাৰ পাচতো চৰকাৰে তেওঁলোকৰ নুন্যতম প্ৰাপ্যখিনিও আজিলৈকে নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰী সকলে ৷

আনহাতে, বিজেপিয়ে ৰাজ্যিক সম্মিলন পাতি লক্ষ লক্ষ টকা খৰচ কৰিবলৈ সাজু; কিন্তু কৰ্মচাৰীক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷ ইয়াৰোপৰি একো-একোটা চৰকাৰী কাৰ্যালয়ত প্ৰায় এক কোটি টকা পৌৰ কৰ অনাদায় আছে ৷ এই ক্ষেত্ৰত পৌৰ কৰ আদায়ৰ কোনো ব্যৱস্থা লোৱা নাই বিভাগীয় বিষয়া সকলে ৷ চৰকাৰৰ উদাসীনতাৰ বাবে ২৩ আৰু ২৪ ডিচেম্বৰত পৌৰ সভাৰ কাৰ্যালয়ৰ সমুখতে এক বিশাল প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত ল'ব বুলি কৰ্মচাৰী সকলে মন্তব্য কৰে ৷

লগতে পঢ়ক: কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা আয়োজনক লৈ সৰৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.