ETV Bharat / state

জিলা প্ৰশাসনৰ অনুমতি অবিহনে কৰিমগঞ্জত কৰিব নোৱাৰিব প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 6:59 AM IST

আইন শৃংখলা আৰু ক'ভিড প্ৰট'কল ভংগ কৰি কোনো ধৰণৰ সভা আৰু সমদলৰ আয়োজন কৰিব নোৱাৰিব কৰিমগঞ্জ জিলাত ৷ নিলামবাজাৰ আৰক্ষী বিষয়া আৰ পি ৰংমাইৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে ৷

NO PROOTEST, NO RELLY AT KARIMGANJ
জিলা প্ৰশাসনৰ অনুমতি অবিহনে কৰিমগঞ্জ জিলাত কৰিব নোৱাৰিব প্ৰতিবাদ

কৰিমগঞ্জ,3 নৱেম্বৰ: জিলা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ধৰণৰ সভা আৰু সমদলৰ আয়োজন কৰিব নোৱাৰে,অন্যথা কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ নিলামবজাৰ আৰক্ষীৰ ৷ যোৱা কিছুদিন ধৰি ফ্ৰান্সৰ ঘটনাক লৈ জিলাখনৰ বিভিন্ন সংগঠনে বিভিন্ন ঠাইৰ পৰা মানুহ আনি জিলা প্ৰশাসনৰ অনুমতি অবিহনে জনসমাগম ঘটাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিত আইন শৃংখলাৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে কৰিমগঞ্জ জিলা প্ৰশাসনে ৷

সোমবাৰে কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক মায়ংকুমাৰৰ নিৰ্দেশত নিলামবাজাৰ আৰক্ষী বিষয়া আৰ পি ৰংমাইৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয় ৷ সভাত নিলামবাজাৰ আৰক্ষী থানাৰ চক্ৰ আৰক্ষী বিষয়া আনোৱাৰ হুছেইনে কয় যে,জিলা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ধৰণৰ সভা আৰু ৰেলিৰ আয়োজন কৰিব নোৱাৰে,অন্যথা কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ আইন শৃংখলা আৰু ক'ভিড প্ৰট'কল ভংগ কৰি যাতে কোনো ধৰণৰ সভা আৰু সমদলৰ আয়োজন কৰা নহয় তাৰ বাবে কাতৰ আহ্বান জনায় ৷

লগতে পঢ়ক: অৰুণােদয় আঁচনিৰ তদন্ত বিচাৰি বিধায়কক স্মাৰকপত্ৰ প্ৰদান ভুক্তভোগী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.