ETV Bharat / state

নেতাজীৰ 125 সংখ্যক জন্মজয়ন্তী উদযাপন

author img

By

Published : Jan 23, 2021, 1:39 PM IST

পাথাৰকান্দিত উদযাপন কৰা হৈছে নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মজয়ন্তী ৷ পাথাৰকান্দি চহৰৰ মাজমজিয়াত পেট্ৰ’ল পাম্প পয়েন্টত থকা নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলিও অৰ্পন কৰে বিভিন্ন দল সংগঠনে ৷ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও অংশ লয় সমদলত ৷

netaji-birthday-celebrate
নেতাজীৰ 125 সংখ্যক জন্মজয়ন্তী উদযাপন

কৰিমগঞ্জ, 23 জানুৱাৰী : আজি নেতাজী সুভাষচন্দ্ৰ বসুৰ 125 সংখ্যক জন্মজয়ন্তী ৷ সমগ্ৰ দেশতে আনুষ্ঠানিক ভাৱে উদযাপন কৰা হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতা গৰাকীৰ জন্মদিন ৷ স্বাধীনতা আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিল নেতাজী সুভাষচন্দ্ৰ বসু ৷

নেতাজী সুভাষচন্দ্ৰ বসু একেৰাহে দুবাৰ কৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিস্থিত হৈছিল ৷ কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ লগত কিছু আদৰ্শগত পাৰ্থক্যৰ বাবে মহাত্মা গান্ধীৰ সংগ ত্যাগ কৰিবলৈ বাধ্য হৈছিল নেতাজী সুভাষচন্দ্ৰ বসুৱে ৷

এই গৰাকী মহান নেতাৰ জন্মদিন সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জৰ পাথাৰকান্দিতো অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে ৷ পাথাৰকান্দি চহৰৰ মাজমজিয়াত পেট্ৰ’ল পাম্প পয়েন্টত থকা নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলিও অৰ্পন কৰে বিভিন্ন দল সংঘটনে । লগতে উলিওৱা হয় বিশাল সমদল । পাথাৰকান্দিৰ বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে নেতাজীৰ পোচাক পৰিধান কৰি সমদলত অংশগ্ৰহণ কৰে ৷

পাথাৰকান্দিত গীত-নৃত্যৰ মাজেৰে অতি অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ অন্যতম কিংবদন্তী নেতাজী সুভাষচন্দ্ৰ বসুৰ 125 সংখ্যক জন্মজয়ন্তী ৷

লগতে পঢ়ক : বিজেপি চৰকাৰেহে অসমৰ পৰা বিদেশী খেদিব পাৰিব : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.