কৰিমগঞ্জ, 8 জানুৱাৰী : সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ শুকুৰবাৰে কৰিমগঞ্জৰ কুঢ়িয়াৰা নদীৰ পাৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ৷ প্ৰথমে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা পিচতে কুঢ়িয়াৰা নদীত পিতৃৰ চিতাভষ্ম বিসৰ্জন দিয়ে গৌৰৱ গগৈয়ে ৷
উল্লেখ্য যে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়া উপলক্ষে প্ৰাৰ্থনা সভাত হিন্দু, খীষ্ট্ৰান, বৌদ্ধ, ইছলাম আদি ধর্মৰ লোকে নিজ নিজ ধর্মীয় প্ৰাৰ্থনা কৰাৰ লগতে কৰিমগঞ্জৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধর্মীয় সম্প্ৰদায়ৰ লোকে নদীৰ পাৰত উপস্থিত হৈ জননেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে পঢ়ক: বনকৰ্মীক অস্ত্ৰ-বুলেটপ্ৰুফ জেকেট প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ