কৰিমগঞ্জ,28মে' : ৰাজ্যত পুনৰ সংঘটিত হৈছে ম'ৰেল পুলিচৰ ঘটনা ৷ এগৰাকী বিধৱা মহিলাৰে এজন যুৱকৰ সম্পৰ্ক থকাৰ অভিযোগ তুলি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে মহিলাসহ এজন যুৱকক ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ঝেৰঝেৰি গাঁৱত ৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনাটো ৷
ভুক্তভোগী মহিলাগৰাকীয়ে এই ঘটনাৰ পিছত বাজাৰিছড়া থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল কোনো এজন দোষীক ৷ ইয়াৰ পিছতে মোবাইলৰ কেমেৰাত বন্দী ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ৷ বুধবাৰে ঘটনাটো পোহৰলৈ অহাত পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ তৎপৰতাত বাজাৰিছড়া থানাৰ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত দুলাল উদ্দিন, আব্দুল আজিম, ৰফিকুল হক, ছাদ উদ্দিন সহ 8 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰোৱাৰ পিছত আদালতে অভিযুক্ত কেইজনক জে'ললৈ প্ৰেৰণ কৰে ৷ আনহাতে, এনে ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে সমগ্ৰ গাঁওখনকে লজ্জানিত কৰা এনে দোষীসকলক কঠোৰ শাস্তি দিয়াৰো দাবী জনায় ঝেৰঝেৰি গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতিগৰাকীয়ে ৷
লগতে পঢ়কঃধুবুৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা