ETV Bharat / state

ট্রেড ইউনিয়নৰ নেতা কমৰেড ৰাখাল দাস গুপ্তৰ দেহাৱসান

কেইবা দশক ধৰি ট্ৰেড ইউনিয়নৰ গুৰি ধৰোঁতা ৰেলকৰ্মীৰ শ্ৰদ্ধাৰ, আপোচ বিহীন নেতা, এন.এফ.ৰে‘লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই মঙলবাৰে ৮৮ বছৰ বয়সত গুৱাহাটীৰ এপ'ল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

author img

By

Published : Dec 22, 2020, 6:38 PM IST

Mojdur union leader Rakhal das gupta is no more
ট্রেড ইউনিয়নৰ নেতা কমৰেড ৰাখাল দাস গুপ্তৰ দেহাৱসান

কৰিমগঞ্জ, 22 ডিচেম্বৰ : ট্ৰেড ইউনিয়নৰ আপোচবিহীন নেতা কমৰেড ৰাখাল দাসগুপ্তৰ মঙলবাৰে দেহাৱসান হয় ৷ কেইবা দশক ধৰি ট্ৰেড ইউনিয়নৰ গুৰি ধৰোঁতা ৰেলকৰ্মীৰ শ্ৰদ্ধাৰ, আপোচ বিহীন নেতা, এন.এফ.ৰে‘লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই মঙলবাৰে ৮৮ বছৰ বয়সত গুৱাহাটীৰ এপ'ল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ বিয়পি পৰে ৷ তেখেতৰ মৃত্যুৰ খবৰ লাভ কৰি এপ‘ল হাস্পতালত উপস্থিত হয় অসংখ্য গুণমুগ্ধ ৷ তেওঁৰ নশ্বৰ দেহ পাণ্ডুস্থিত এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ মুখ্য কাৰ্যালয়ৰ প্ৰিয় গুপ্ত ভৱনলৈ লৈ অনা হয় । প্ৰিয় গুপ্ত ভৱনৰ পৰা দাসগুপ্তৰ মৃতদেহ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সদৰ কাৰ্যালয় মালিগাঁৱলৈ লৈ অনা হয় । তাতে বিভিন্ন ব্যক্তি তথা সংগঠনে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷ দাসগুপ্তৰ প্ৰতি শ্ৰদ্ধা জনাই অল ইণ্ডিয়া ৰে‘লৱে মেনচ ফেডাৰেচন আৰু এন.এফ.ৰে‘লৱে মজদুৰ ইউনিয়নে সপ্তাহজোৰা শোক দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৰাকৰ তিনিখন জিলাত মজদুৰ ইউনিয়নে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰিছে ৷

লগতে পঢ়ক : শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.