ETV Bharat / state

কাঠালতলীত 144 ধাৰা: পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ছিদ্দিক আহমেদে

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:01 PM IST

144 in Kathaltali: কৰিমগঞ্জৰ কাঠালতলীত অব্যাহত আছে 144 ধাৰা ৷ প্ৰতিবাদকাৰীয়ে আৰক্ষী বিষয়াক শাৰিৰীকভাৱে অপদস্ত কৰাৰ পিচৰে পৰা অপৰাধীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বুধবাৰে সমগ্ৰ ঘটনাৰ বুজ লয় বিধায়ক ছিদ্দিক আহমেদে ৷

144 in Kathaltali
বিধায়ক ছিদ্দিক আহমেদ
বিধায়ক ছিদ্দিক আহমেদৰ কাঠালতলী পৰিদৰ্শন

কৰিমগঞ্জ, 10 জানুৱাৰী: ‘হিট এণ্ড ৰাণ’ৰ বিৰুদ্ধে প্ৰস্তাৱিত আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীয়ে আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ পিচৰে পৰা পৰিস্থিতি জটিল হৈ আছে কৰিমগঞ্জৰ কাঠালতলীত ৷ বাজাৰিছেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলাভজ্যোতি নাথক প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত জাৰি কৰা হয় 144 ধাৰা ৷

আৰক্ষী বিষয়াগৰাকীক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ অপৰাধত এই পৰ্যন্ত 7 গৰাকী লোকক আটক কৰা হৈছে যদিও মূল দোষী এতিয়াও পলাতক অৱস্থাত আছে অথবা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷ অঞ্চলটোত 144 ধাৰা অব্যাহত থকাৰ সময়তে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক বুধবাৰে কাঠালতলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

বুধবাৰে সন্ধিয়া কাঠালাতলী বজাৰত উপস্থিত হোৱা বিধায়কগৰাকীয়ে 7 জানুৱাৰীৰ ঘটনাটোৰ বাবে নিৰীহ লোকক হাৰাশাস্তি নকৰিবৰ বাবে আহ্বান জনায় ৷ সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত বিধায়কগৰাকীয়ে কাঠালাতলী, কুৰ্টি, মাৰুগাঁও আদি অঞ্চললৈ গৈ একাংশ নাগৰিকৰ লগত আলোচনা কৰাৰ লগতে ঘটনাটোৰ সন্দৰ্ভ বুজ লয় ।

পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিধায়ক ছিদ্দিক আহমেদে কয়, ‘‘ এই ঘটনা অতি নিন্দনীয় । শান্তি বজাই ৰাখিবলৈ আৰক্ষী উক্ত স্থানত উপস্থিত হৈছিল । কিন্তু সেই সময়ত একাংশ লোকে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি আক্ৰমণ কৰে । তাৰ বাবে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ ক্ষতি হৈছে ।’’

সকলো সময়তে অঞ্চলটোত শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে নিৰীহ লোকক হাৰাশাস্তি কৰা বন্ধ কৰি প্ৰকৃত দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক আহ্বান জনায় । ইয়াৰ লগতে বজাৰ এলেকাত প্ৰশাসনে বান্ধি দিয়া নিৰ্দিষ্ট সময় বৃদ্ধি কৰাৰ দাবী জনায় বিধায়কগৰাকীয়ে ।

প্ৰকৃত দোষীয়ে স্বেচ্ছাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে বুলি মন্তব্য কৰি বিধায়ক ছিদ্দিক আহমেদে অঞ্চলটোত শান্তিৰ বাৰ্তা ঘূৰাই অনাৰ বাবে আৰক্ষী অধীক্ষকৰ সৈতে বাৰ্তালাপ কৰা বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক: এইবাৰ আমি চৰকাৰ নহয়, মালিকৰ বিৰুদ্ধে আন্দোলন কৰিম- ৰূপম দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.