কৰিমগঞ্জ, 9 নবেম্বৰ : চৰম খাদ্য সংকটত ভুগি থকা মিজোৰামৰ আগ্ৰাসী আৰু অত্যাচাৰী মনোভাৱ কোনো মতেই শাম কটা নাই । দিনকদিনে যেন বৃদ্ধি পাইছে ইয়াৰ মাত্ৰা । বৰং এইবাৰ ইউটিউব চেনেল যোগে অসমৰ দখল কৰা মাটিৰ পৰা আৰু বহু কিলোমিটাৰ আগলৈকে মিজোৰামৰ বুলি দাবী কৰিলে মিজোৱে । লোংলে পিকচাৰ নামৰ ইউটিউব চেনেলযোগে এই বাৰ্তা প্ৰেৰণ কৰাৰ সময়ত পৰ্বতসম যুক্তি দেখুৱালে মিজোৱে ।
![Assam border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9482410_n.jpg)
বৰাক উপত্যকাৰ তিনিওখন জিলাৰ অসম-মিজোৰাম সীমান্তত একপ্ৰকাৰ যুদ্ধকালীন পৰিবেশে বিজাৰ কৰিছে । সীমান্তত মিজোৰামৰ তৎপৰতা দেখিলে যেন লাগে, এয়া কোনো শত্ৰু ৰাষ্ট্ৰৰ সৈতে যুদ্ধৰহে প্ৰস্তুতি । প্ৰতিখন জিলাৰে অসম-মিজোৰাম সীমান্তত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে । মিজোৱে দখল কৰা মাটিত সাধাৰণ লোককতো বাদেই, অসমৰ প্ৰশাসনৰ লোককো প্ৰৱেশ কৰিবলৈ নিদিয়ে মিজো দুৰ্বৃত্তৰ লগতে মিজো প্ৰশাসনে ।
আনকি যোৱা 14 অক্টোবৰ তাৰিখত মিজোৰামৰ কানমুনত মামিট আৰু কৰিমগঞ্জ জিলা প্ৰশাসনৰ যি বৈঠক অনুস্থিত হৈছিল, সেই বৈঠকত মাটিত প্ৰশাসনে কৈছিল যে কৰিমগঞ্জৰ মেদলিছৰা এলেকাত তিনি কিলোমিটাৰ আগুৱাই যি বেৰিকেড নিৰ্মাণ কৰা হৈছিল সেয়া হেনো ক’ভিডৰ কাৰণে । অথচ সেই বেৰিকেড পৰ্যন্ত মিজোৰ দপদপনি আজিলৈকে অব্যাহত আছে । সেই বেৰিকেড কাকো পাৰ হ’বলৈ দিয়া নহয় । সম্প্ৰতি লোংলে পিকচাৰ নামৰ ইউটিউব চেনেলৰ যোগেদি মিজোৱে প্ৰেৰণ কৰিছে এক বাৰ্তা । মেদলিছৰা দলংৰ ওপৰৰ পৰা বাৰ্তা প্ৰেৰণ কৰি কোৱা হৈছে যে, মিজোৰামে আৰু পিছুৱাই নাযাই । আনকি দলঙৰ আগ লৈকে আৰু হেনো মাটি মিজোৰামৰ আছে ।
![Assam border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9482410_kj.jpg)
দীৰ্ঘসময় ধৰি অসম-মিজোৰাম সীমান্তত অব্যাহত থকা এই সীমা বিবাদৰ অৱসান ঘটাবৰ বাবে প্ৰশাসনিক পৰ্যায়ত চেষ্টা চলায় থকা হৈছে যদিও বৰ্তমানলৈকে এই প্ৰচেষ্টা ফলপ্ৰসু হোৱা পৰিলক্ষিত হোৱা নাই ৷ স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি , মিজোৰাম প্ৰশাসনে কোনো গুৰুত্ব বা আগ্ৰহ প্ৰকাশ কৰা নাই এই বিবাদ প্ৰশমনৰ ক্ষেত্ৰত ৷ গতিকে পৰৱৰ্তী সময়ত এই ঘটনা কোন দিশে ঢাল খাই সেইয়া লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক : প্ৰেমিকে ভাইৰেল কৰিলে গোপন ফটো; আত্মহননৰ চেষ্টা প্ৰেমিকাৰ