কৰিমগঞ্জ, 8 মে': কৰিমগঞ্জ জিলাৰ ধলছড়াৰ উজান গাঁৱৰ লোকসকলৰ অধিকাংশৰ ঘৰত আজি পৰ্যন্ত নাই বিজুলীবাতি, খোৱাপানী আৰু যাতায়াতৰ ব্যৱস্থা ৷ আনকি কৰ'ণা মহামাৰীৰ এনে সময়চোৱাত চৰকাৰ প্ৰদত্ত আঁচনিৰ কোনো সুবিধাও পোৱা নাই গাঁওবাসীয়ে ৷

গাঁওখনৰ অধিকাংশ দৰিদ্ৰ লোকে আজি পৰ্যন্ত পোৱা নাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ ৷ গাঁওখনত কেইটামান বিদ্যুতৰ খুটা আছে যদিও, অধিকাংশৰ ঘৰত নাই বিদ্যুৎ সংযোগ ৷ পথাৰত থকা গাঁতৰ পৰা দৰিদ্ৰ লোকসকলে সংগ্ৰহ কৰে খোৱাপানী ৷

উল্লেখ্য যে, এইখন গাঁৱৰে ভোটাৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ তথাপিও কংগ্ৰেছৰ শাসনকালত তিনিবাৰকৈ বিধায়ক, এবাৰ সাংসদীয় সচিব আৰু এবাৰ মন্ত্ৰী হোৱাৰ পিচতো এই গাঁওখন বঞ্চিত হৈ থাকিল উন্নয়নৰ পৰা ৷ অভিযোগ অনুসৰি বৰ্তমানৰ বিধায়ক আজিজ আহমেদেও এই গাঁওখনৰ প্ৰতি ৰাখিছে অৱহেলাৰ দৃষ্টি ৷
লগতে পঢ়কঃ দুই বিশেষভাৱে সক্ষম জীয়ৰীৰ সৈতে 90 উৰ্দ্ধৰ আইতাৰ দুৰ্বিসহ জীৱন কাহিনী