ETV Bharat / state

কৰিমগঞ্জৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

author img

By

Published : Jun 30, 2022, 1:47 PM IST

কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ(Flood affected area of Karimganj) ৷ শীঘ্ৰে জিলাখনত পশু খাদ্য যোগান ধৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ ৷ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বিল শনবিলৰ(Asias second largest Bill Sonbil Assam) কাষৰীয়া বানাক্ৰান্ত গাঁওসমূহ নাৱেৰে পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

Jayant Malla Baruah visited flood affected area of Karimganj
কৰিমগঞ্জৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

কৰিমগঞ্জ, 30 জুন : কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে জিলাখনত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা(Jayant Malla Baruah visited flood affected area of Karimganj) ৷ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আৰু দক্ষতা বিভাগৰ মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয়(Jayant Malla Baruah Chaired a review meeting at DC Office of Karimganj) । ইয়াৰ পাছত তেওঁ কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লয়(Flood affected area of Karimganj) |

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনায়, জিলাৰ বর্তমান বান পৰিস্থিতিত চৰকাৰ ক্ষয়ক্ষতি সন্দৰ্ভত অৱগত ৷ কৰিমগঞ্জত মুঠ ৫৩৫ খন গাঁও বানাক্ৰান্ত হৈছে ৷ কৰিমগঞ্জত বানাক্ৰান্তৰ বাবে সাহাৰ্য সামগ্ৰী যোগান ধৰা হৈছে যদিও পশু খাদ্যৰ কিছু অভাৱ আছে ৷ চৰকাৰে ইতিমধ্যে গুৱাহাটীৰ পৰা পশু খাদ্য অনাৰ ব্যৱস্থা কৰিছে আৰু শীঘ্ৰে জিলাখনত পশু খাদ্য যোগান ধৰা হ’ব ৷

উপায়ুক্ত কার্যালয়

তেওঁ লগতে ৯ জুলাইৰ ভিতৰত সকলো বিষয়াক সম্পূৰ্ণ ক্ষয়ক্ষতিৰ তথ্য যোগান ধৰাৰ বাবে নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে নিশা পাথাৰকান্দি সমষ্টিৰ বিপদজনক অৱস্থাত থকা লঙ্গাই নৈৰ মাথাউৰি আৰু ভূমিস্খলন হোৱা অঞ্চল পৰিদৰ্শন কৰি ৰাতাবাৰী সমষ্টিত গৈ উপস্থিত হয় । তেওঁ প্ৰথমে এটা আশ্ৰয় শিবিৰত উপস্থিত হৈ তাত থকা লোকসকলৰ সমস্যাৰ বুজ লয় ৷

বান পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লৰ

ইয়াৰ পাছত তেওঁ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বিল শনবিল(Asia's second largest Bill Sonbil Assam) কাষৰীয়া অঞ্চলৰ পানীত বুৰ যোৱা গাঁওসমূহ নাৱেৰে পৰিদৰ্শন কৰে ৷ মন্ত্ৰীগৰাকীৰ সৈতে এই সময়ছোৱাত উপস্থিত আছিল পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ বিধায়ক যথাক্ৰমে কৃশেন্দু পাল আৰু বিজয় মালাকাৰ ।

লগতে পঢ়ক : ঢেকীয়াজুলিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক অনন্ত লাল জ্ঞানীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.