ETV Bharat / state

কৰিমগঞ্জত আৰক্ষীৰ বিৰুদ্ধে শতাধিক লোকৰ মৌন প্ৰতিবাদ

author img

By

Published : Aug 3, 2020, 9:10 PM IST

সোমবাৰে কৰিমগঞ্জত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ জিলা প্ৰশাসনৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ কৰিমগঞ্জৰ নিলামবজাৰৰ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিবাদত অংশগ্ৰহণ কৰে বিভিন্ন দল-সংগঠনৰ সদস্যৰ লগতে স্থানীয় ৰাইজে ৷

MASSIVE PROTERS IN ASSAM KARIMGANZA
কৰিমগঞ্জত আৰক্ষীৰ বিৰুদ্ধে শতাধিক লোকৰ মৌন প্ৰতিবাদ

কৰিমগঞ্জ, 3 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে সোমবাৰে কৰিমগঞ্জত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ জিলা প্ৰশাসনৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ কৰিমগঞ্জৰ নিলাম বজাৰৰ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিবাদত অংশগ্ৰহণ কৰে বিভিন্ন দল-সংগঠনৰ সদস্যৰ লগতে স্থানীয় ৰাইজে ৷

ঘটনাৰ বিৱৰণ অনুসৰি, 29 জুলাইত নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাটইয়া বজাৰৰ আনিছা টেক্সটাইল নামৰ এখন কাপোৰৰ দোকানৰ ট্ৰায়েল ৰূমৰ পৰা ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ছাজিদা আখতাৰ নামৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ ডিঙিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা ছাত্ৰী গৰাকীয়ে সেই সময়ত কাগজ এখনত লিখি দিছিল এটা ফোন নম্বৰ ৷ কিন্তু ঘটনাটো আত্মহত্যা আছিল নে কোনোবা তৃতীয় পক্ষ এই ঘটনাৰ লগত জড়িত আছিল সেই সম্পৰ্কত বৰ্তমানেও কোনো ধৰণৰ তথ্য আৰক্ষীৰ হাতত নাই ৷

আনহাতে, অভিযোগ অনুসৰি, উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ হাতত এটা বিশেষ চি চি টিভিৰ ফুটেজ আছে ৷ য'ত কিশোৰী গৰাকীক অচিনাক্ত লোকে বাইকত উঠাই লৈ যোৱাৰ দৃশ্য বন্দী আছে ৷ কিন্তু ঘটনা সংঘটিত হোৱাৰ 5 দিন উকলি যোৱাৰ পিচতো আৰক্ষীয়ে ঘটনাৰ কোনো ধৰণৰ তথ্য উদঘাটন কৰিব নোৱাৰাৰ বাবে সোমবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে ৷

আনকি, প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰাৰ বাদে গোচৰীয়াক পথভ্ৰষ্ট কৰাৰ অভিযোগ উখাপন হৈছে ৷ যাৰবাবে নিলামবজাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক সংগঠনৰ কৰ্মকৰ্তা সকলে । আনকি, উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবৰ বাবে প্ৰতিবাদকাৰী সকলে নিলামবজাৰ চক্ৰ বিষয়া ওদিউল ইছলামৰ জৰিয়তে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : আনলক 3.0ঃ সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা আৰম্ভ অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.