ETV Bharat / state

কৰিমগঞ্জ জিলাত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা - ক'ভিড 19

কৰিমগঞ্জৰ CJM আদালতত কৰ'ণাৰ আতংকই দেখা দিছে । প্ৰথমবাৰৰ বাবে আদালতৰ এগৰাকী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-19 উপস্থিতি ।

mass transmission
mass transmission
author img

By

Published : Jul 18, 2020, 2:55 PM IST

কৰিমগঞ্জ, 18 জুলাই : কৰিমগঞ্জ জিলাত আৰম্ভ হৈছে কৰ'ণাৰ গণ সংক্ৰমণ । শুকুৰবাৰে পুনৰ 19 জনৰ দেহত ধৰা পৰিছে কৰ'ণাৰ উপস্থিতি । পুনৰ এঘাৰ গৰাকী নাপিতৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি । আনহাতে কৰিমগঞ্জৰ CJM আদালতত কৰ'ণাৰ আতংকই দেখা দিছে । প্ৰথমবাৰৰ বাবে আদালতৰ এগৰাকী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি ।

কৰিমগঞ্জ জিলাত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা

কৰিমগঞ্জত সৰ্বমুঠ 22 গৰাকী নাপিত এই মুহুৰ্তলৈকে আক্ৰান্তৰ খবৰ পোহৰলৈ আহিছে । ইপিনে কৰিমগঞ্জৰ এশ শতাংশ চেলুন বা বিউটি পাৰ্লাৰৰ নমুনা যদি সংগ্ৰহ কৰা হয়,তেন্তে হয়তো আগন্তুক দিনত ভয়ংকৰ চিত্ৰ পোহৰলৈ আহিব । ইপিনে কৰিমগঞ্জ চহৰৰ পাঁচটাকৈ এলেকা নতুনকৈ কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে ।

আনহাতে কৰিমগঞ্জৰ পৌৰ এলেকাৰ বাহিৰেও সাতটাকৈ বজাৰ এলেকাত সাপ্তাহিক দুদিনীয়া লক ডাউন অব্যাহত আছে । ৰাতবাৰী সমষ্টিৰ আনিপুৰ বজাৰ এই তালিকাত সন্নিৱিষ্ট আছে যদিও,লক ডাউন চলি থকা অৱস্থাত অভাৱনীয় পৰিস্থিতি বন্দী হ'ল কেমেৰাত । 99 শতাংশ লোক মাস্ক পৰিধান নকৰাকৈ লক ডাউনৰ মাজত ঘুৰি ফুৰিছে । কিন্ত তৎ সত্বেও কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে ৷

লগতে পঢ়ক : নগাঁও কেন্দ্ৰীয় কাৰাগৰত কৰ'ণাৰ গণসংক্ৰমনৰ আশংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.