ETV Bharat / state

অভিযুক্ত হত্যাকাৰীক কৰায়ত্ব স্থানীয় ৰাইজৰ - আব্দুল ছোফানক হত্যা

ছমাহ পূৰ্বে কৰিমগঞ্জৰ চেৰুলভাগত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । যোৱা ছমাহে মুক্ত বিচৰণ কৰি ফুৰিছিল অভিযুক্তগৰাকী । অৱশেষত শুকুৰবাৰে এজন অভিযুক্তক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক ।

অভিযুক্ত হত্যাকাৰীক কৰায়ক্ত স্থানীয় ৰাইজৰ

author img

By

Published : Sep 4, 2020, 6:40 PM IST

কৰিমগঞ্জ, 4 ছেপ্তেম্বৰ : আজিৰ পৰা প্ৰায় ছমাহ পূৰ্বে কৰিমগঞ্জ সদৰ থানাৰ অন্তৰ্গত চেৰুলভাগত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । কিন্তু এই ছমাহে পাঁচগৰাকী হত্যাকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ।

কিন্তু শুকুৰবাৰে স্থানীয় ৰাইজে পাঁচগৰাকীৰ এগৰাকী অভিযুক্ত ৰিয়াজ উদ্দিনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে নোৱাৰা কাম কৰি দেখুৱালে ৰাইজে । স্থানীয় ৰাইজে আৰক্ষীৰ নিৰ্লিপ্ততাৰ আঁৰৰ কাহিনীও দাঙি ধৰি কয়, অভিযুক্তক কৰায়ত্ব নকৰাৰ আঁৰত আছে বৃহৎ ধনৰ খেল ।

অভিযুক্ত হত্যাকাৰীক কৰায়ত্ব স্থানীয় ৰাইজৰ

উল্লেখ্য যে, যোৱা মাৰ্চ মাহৰ সাত তাৰিখে কৰিমগঞ্জৰ চেৰুলবাগ গাঁৱৰ আব্দুল ছোফান নামৰ এগৰাকী ব্যক্তিক মূৰত কোঠাৰেৰে আঘাত কৰি হত্যা কৰিছিল একেখন গাঁৱৰে পাঁচজনীয়া এটা দুৰ্বৃত্তৰ দলে ৷ পিছে এই ঘটনাক লৈ এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে ৰহস্যজনক ভাৱে চাৰিগৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নাছিল ।

বৃহস্পতিবাৰে নিশা স্থানীয় ৰাইজে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত হাৰিছ উদ্দিনকো আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷ লগতে অনতিপলমে বাকী দোষী সকলকো কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিবলৈ আৰক্ষী অধীক্ষকৰ ওচৰত আবেদন জনায় । আনহাতে স্থানীয় লোক সকলে ক্ষোভ প্ৰকাশ কৰি বিভিন্ন শ্ল’গানও দিয়ে ।

লগতে চাওক-আৰ্থিক দৈন্যতাৰ বাবে এটি দম্পতীৰ চৰম পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.