কৰিমগঞ্জ, 20 ডিচেম্বৰঃ উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰখনৰ দিনতেই ৰাজ্যত এটাৰ পিছত আন এটা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ সমান্তৰালকৈ একাংশ নেতা আৰু গড়কাপ্তানি বিভাগৰ বিষয়াৰ মিতিৰালিৰ ফলত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে ৰাতাবাৰীৰ ৰাইজে ৷
উল্লেখ্য যে, বিগত 2018 চনৰ নৱেম্বৰতেই তৎকালীন বিধায়ক তথা বৰ্তমান কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মল্লাহে আধাৰশিলা স্থাপন কৰা পথৰ নিৰ্মান কাৰ্য আৰম্ভ হয় যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে ৷ চৰকাৰৰ পৰা উক্ত পথছোৱা নিৰ্মানৰ বাবদ যোগান ধৰা হৈছিল 269.09 লাখ টকা ৷ কিন্তু আনিপুৰ তিনিআলিৰ পৰা জামুয়াং লৈকে উক্ত পথছোৱাৰ নিৰ্মানত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
আনহাতে, গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতাবাৰীত সংঘটিত দুৰ্নীতিৰ কথা ৰাজহুৱা সভাত ঘোষণা কৰিছিল ৷ কিন্তু আশ্বৰ্যজনক ভাৱে বৰ্তমানসময়ত তেখেতে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে ৷