কৰিমগঞ্জ, 4 অক্টোবৰঃ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে প্ৰায় ডেৰ শতাধিক গাঁৱৰ ৰাইজক ৷ সমষ্টিটোৰ কালিগঞ্জৰ পৰা খাগাইল সংযোগী পথটোৰ দুৰাৱস্থাৰ বাবে ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷ পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ ৷ প্ৰায় ডেৰ শতাধিক গাঁৱৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথছোৱাৰেই প্ৰতিদিনেই বিপজ্জনক ভাৱে যাত্ৰা কৰিবলগীয়া হয় স্কুল,কলেজৰ ছাত্ৰ-ছাত্ৰী ৷ যাৰ বাবে যিকোনো সময়তেই ভয়ংৰ বিপদৰ আশংকা কৰিছে ৷ ৰাইজে অতি শীঘ্ৰে এই পথঠোৱা মেৰামাতিৰ দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়ক-শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন