ETV Bharat / state

ৰাইজে মিলি নিৰ্মাণ কৰিলে বিচ্ছিন্ন হোৱা পথ

কৰিমগঞ্জৰ বৰতল হাইলাকান্দি সংযোগী পথ বিচ্ছিন্ন ৷ গড়কাপ্তানি বিভাগ আৰু আৰ আৰ সংমণ্ডলে নিম্নমানৰ পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ ৷ অৱশেষত দুৰ্ভোগ ভোগি ৰাইজে নিজেই নিৰ্মাণ কৰিলে বিচ্ছিন্ন হোৱা পথটো ৷

karimganj-poor-road-construction-story
প্ৰতিনিধিৰ কাণসাৰ নাই, ৰাইজে মিলি নিৰ্মাণ কৰিলে বিচ্ছিন্ন পথ
author img

By

Published : Jun 27, 2020, 3:09 PM IST

কৰিমগঞ্জ,27 জুনঃ বিচ্ছিন্ন হ'ল কৰিমগঞ্জৰ বৰতল হাইলাকান্দি সংযোগী পথ ৷ কৰিমগঞ্জৰ গড়কাপ্তানি বিভাগ আৰু আৰ আৰ সংমণ্ডলে নিম্নমানৰ পথ নিৰ্মাণ কৰাৰ বাবেই কৰিমগঞ্জৰ বৰতল হাইলাকান্দি সংযোগী পথ বিচ্ছিন্ন হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ কেইবাদিন ধৰি নেৰা নেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৰিমগঞ্জৰ বৰতল হাইলাকান্দি সংযোগী পথটোৰ কিছু অংশ খহি পৰিছে ফলত দুয়োখন জিলাৰ মাজত থকা সংযোগী পথ বিচ্ছিন্ন হৈ পৰিছে ৷ লগতে পানীৰ তলত খহি পৰিল চাৰিখনকৈ দোকান ৷

প্ৰতিনিধিৰ কাণসাৰ নাই, ৰাইজে মিলি নিৰ্মাণ কৰিলে বিচ্ছিন্ন পথ

উল্লেখ্য যে, 2013/14 বছৰত এক কোটি 19 লাখ টকা নিয়োগ কৰা হৈছিল পথটোৰ নামত ৷ কিন্তু একেবাৰে নিম্ন মানৰ কাম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ জনপ্ৰতিনিধিৰ কাষ চাপিও কোনোধৰণৰ সঁহাৰি নাপাই নিৰুপায় হৈ শনিবাৰে স্থানীয় ৰাইজে মিলি নিৰ্মাণ কৰে পথটোৰ ভাগি যোৱা অংশ ৷ ৰাইজৰ গুৰুতৰ অভিযোগ, পথটো নিৰ্মাণৰ ক্ষেত্ৰত কৰিমগঞ্জৰ গড়কাপ্তানি বিভাগ, আৰ আৰ সংমণ্ডল, ঠিকাদাৰ, ইঞ্জিনিয়াৰে চৰকাৰী গাইড লাইন নামানি অতি নিম্নমানৰ কাম কৰিছিল ৷ সম্প্ৰতি ৰাইজে সমগ্ৰ ঘটনাটো সন্দৰ্ভত জিলা উপায়ুক্তই গুৰুত্ব আৰোপ কৰাটো কামনা কৰিছে ৷

লগতে পঢ়কঃবানে উটুৱাই নিলে বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.