ETV Bharat / state

পত্নীক গুলীয়াই থৈ নগালেণ্ডলৈ পলাই যোৱা চাফিকুৰ পৰিল আৰক্ষীৰ জালত - পলাতক অপৰাধী

দুৰ্গা পূজাৰ সময়তে পত্নীক গুলীয়াই থৈ কৰিমগঞ্জৰ পৰা নগালেণ্ডলৈ পলাই গৈছিল চাফিকুৰ ৰহমান ৷ সম্প্ৰতি আৰক্ষীয়ে নগালেণ্ডত অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে পলাতক অপৰাধী জনক ৷

karimganj-police-arrested-a-person-in-nagaland-who-has-escaped-after-shooting-his-wife
পত্নীক গুলীয়াই থৈ নগালেণ্ডলৈ পলাই যোৱা চাফিকুৰ পৰিল আৰক্ষীৰ জালত
author img

By

Published : Nov 4, 2021, 9:38 PM IST

কৰিমগঞ্জ, 4 নৱেম্বৰ : কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীৰ অভিযানত এগৰাকী পলাতক অপৰাধী আৰু তেওঁৰ সহযোগীক পিস্তলসহ আটক কৰিলে আৰক্ষীয়ে । নগালেণ্ডৰ কোহিমাত নিলামবজাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে চফিকুৰ ৰহমান নামৰ পলাতক অপৰাধীটোক । আনহাতে, কৰিমগঞ্জৰ বিস্কুট এলেকাৰ পৰা চাফিকুৰ ৰহমানৰ ভাগিন ময়নুল হক নামক যুৱক জনৰ পৰা উদ্ধাৰ হৈছে এটা পইন্ট .22 পিস্তল আৰু দুই জাঁই সজীৱ গুলী ৷

পত্নীক গুলীয়াই থৈ নগালেণ্ডলৈ পলাই যোৱা চাফিকুৰ পৰিল আৰক্ষীৰ জালত

উল্লেখযোগ্য যে, বিগত দুৰ্গা পূজাৰ সময়ত কেওটকোনা নামৰ গাঁৱত সংঘটিত হৈছিল এটা ভয়াৱহ গুলীচালনাৰ ঘটনা । চাফিকুৰ ৰহমান নামৰ লোকজনে নিজৰ পত্নীক লক্ষ্য কৰি দুই জাঁই গুলী চালনা কৰিছিল । সু-দীৰ্ঘ 12 বছৰৰ পৰা স্বামীৰ সৈতে সম্পৰ্ক নথকা পত্নী ৰাজিয়া বেগম, স্বামীৰ গুলীত আহত হৈ এতিয়ালৈকেও হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ।

ইয়াৰ পিছত চাফিকুৰ ৰহমানে নিজৰ পত্নীক গুলীয়াই পলাই যাবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত পত্নী ৰাজিয়া বেগমে পতিৰ বিৰুদ্ধে ৰুজু কৰিছিল এটা গোচৰ ৷

অৱশেষত, পত্নীৰ ফালৰ পৰা ৰুজু কৰা গোচৰৰ তদন্তত নিলামবজাৰ আৰক্ষীয়ে নগালেণ্ডৰ পৰা চফিকুৰ ৰহমানক পিস্তল সহ আটক কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত, পত্নী ৰাজিয়া বেগমৰ ওপৰত আক্ৰমণ হোৱা পিস্তলৰ সন্ধান উলিয়াব যাওঁতে আৰক্ষীয়ে বিস্কুট এলেকাৰ ময়নুল হক'ৰ ঘৰৰ পৰা উদ্ধাৰ কৰে পিস্তল আৰু গুলী । সম্প্ৰতি আৰক্ষীয়ে চাফিকুৰ ৰহমান আৰু চাফিকুৰৰ ভাগিন ময়নুল হকক আটক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : কালী পূজা উপলক্ষে জোনাইৰ মন্দিৰসমূহত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.