ETV Bharat / state

কৰিমগঞ্জত ছাত্ৰ বৃত্তি কেলেংকাৰীক লৈ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

author img

By

Published : Nov 3, 2020, 12:12 PM IST

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰে জড়িত বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনাই কৰিমগঞ্জৰ জিলা উপায়ুক্ত স্মাৰক পত্ৰ প্ৰদান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

কৰিমগঞ্জত ছাত্ৰ বৃত্তি কেলেংকাৰীক লৈ পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

কৰিমগঞ্জ, ২ নৱেম্বৰ: জাতীয় সংগঠনৰ প্ৰতিবাদ অসাৰ প্ৰতিপন্ন হ'ল। বহু প্ৰতিবাদৰ পিছতো আজি পৰ্যন্ত সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ প্ৰকৃত ৰহস্য ভেদ নহ'ল। শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ নকৰিলে পুনৰ আমৰণ অনশন গঢ়ি তোলাৰ হুংকাৰ দিছে কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৰ জিলা কমিটীৰ উপদেষ্টা জুনেদ আহমদেৰ নেতৃত্বত এটা প্রতিনিধি দলে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক শুধন্য শুক্লবৈদ্যৰ হাতত এই সন্দৰ্ভত এখন স্মাৰক পত্ৰও দিয়ে।

এই স্মাৰক পত্ৰৰ জৰিয়তে অহা ডিচেম্বৰ মাহৰ ভিতৰত ছাত্ৰ বৃত্তি কেলেংকাৰীৰে জড়িত দুৰ্নীতিগ্ৰস্ত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ সম্মুখত আমৰণ অনশন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতা-কৰ্মীয়ে।

উলেখ্য যে, কৰিমগঞ্জৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংখ্যালঘু ছাত্ৰ বৃত্তিত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি জিলাখনৰ বিভিন্ন আৰক্ষী থানাত ৩ খন এফ আই আৰ দাখিল কৰিছে৷ কিন্তু গোচৰ ৰুজু কৰাৰ পিছতো আজিকোপতি এজনো অভিযুক্ত গ্ৰেপ্তাৰ হোৱা নাই। কৰিমগঞ্জৰ আৰক্ষীয়ে পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ডেফলয়ালা গাঁৱৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ কিন্তু ৰহস্যজনকভাৱে কেলেংকাৰীৰে জড়িত আন লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক:চাকৰিৰ নামত প্ৰতাৰণাৰ বলি 10 গৰাকীকৈ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.