কৰিমগঞ্জ, 9 অক্টোবৰ : এতিয়া গৰু-ছাগলীৰ বিচৰণ ভূমিলৈ পৰিণত হৈছে কৰিমগঞ্জ জিলাৰ আনন্দপুৰ চিকিৎসালয় ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ আনন্দপুৰত 8 খন বিচনাযুক্ত চিকিৎসালয়খন উদ্বোধন কৰা হৈছিল ৷ বহু দিনৰ অন্তত অঞ্চলটোৰ ৰাইজে পৰ্যাপ্ত চিকিৎসা সেৱা লাভ কৰিব বুলি আশা কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয়খনত চিকিৎসক নিয়মীয়াকৈ উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
তদুপৰি চিকিৎসালয় নিৰ্মাণৰ কেইবছৰমান পাৰ নৌহওতেই চিকিৎসালয়খন জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৷ চিকিৎসালয়খনৰ বিভিন্ন আচবাব,চিলিং আদি উৱলি যোৱা পৰিলক্ষিত হৈছে ৷
আনহাতে চিকিৎসালয়খনৰ চৌহদ এক প্ৰকাৰে গৰু-ছাগলীৰ বিচৰণ ভূমিলৈ পৰিণত হৈছে ৷ কিন্তু এই সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে বিভাগীয় কতৃপক্ষ তথা স্থানীয় বিধায়কক বাৰাম্বাৰ অৱগত কৰি অহাৰ পাছতো বিভাগে আজিকোপতি উক্ত চিকিৎসালয়খনৰ মেৰামতি অথবা অঞ্চলটোৰ ৰাইজে নিয়মীয়াকৈ চিকিৎসা লাভৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : ড্ৰাগছৰ ব্যৱসায়ত আশা কৰ্মী !