কৰিমগঞ্জ, 5 আগষ্টঃ জলসম্পদ বিভাগৰ বাবে কৰিমগঞ্জৰ 20 গাঁৱলৈ ভাবুকি নামি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ প্ৰতিবাৰেই বানে বদৰপুৰ সমষ্টিৰ অন্তৰ্গত কৃষ্ণপূৰকে ধৰি 20 খন গাঁও প্লাৱিত কৰে । ইতিমধ্যে বৰাক নৈৰ বুকুত জাহ গৈছে বহু কেইটা ঘৰ তাৰ পিছতো যেন গা লৰা নাই বিভাগটোৰ বিষয়ববীয়া সকলৰ । মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ পৰা 1 কোটি 70 লাখ টকা আবণ্টন দিয়া হৈছিল যদিও সকলো অসাৰ প্ৰতিপন্ন কৰি প্ৰায় 20 খন গাঁৱলৈ ভাবুকি নমাই আনিছে এটা মথাউৰিয়ে ৷ চাওক আমাৰ এক প্ৰতিবেদন...
কৰিমগঞ্জৰ বদৰপুৰৰ 20 খন গাঁৱলৈ ভাবুকি... - ETV BHARAT ASSAM
স্থানীয় ৰাইজে ইতিমধ্যে তেওঁলোকৰ দুৰ্দশাৰ কথা জনাবলৈ কাষ চাপিছিল বদৰপুৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক জামাল উদ্দিন আহমদৰ ৷ কিন্তু বিধায়কজনে ৰাইজক বিমোখ কৰাৰহে অভিযোগ উত্থাপন কৰে ভুক্তভোগীৰ ৷
কৰিমগঞ্জ, 5 আগষ্টঃ জলসম্পদ বিভাগৰ বাবে কৰিমগঞ্জৰ 20 গাঁৱলৈ ভাবুকি নামি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ প্ৰতিবাৰেই বানে বদৰপুৰ সমষ্টিৰ অন্তৰ্গত কৃষ্ণপূৰকে ধৰি 20 খন গাঁও প্লাৱিত কৰে । ইতিমধ্যে বৰাক নৈৰ বুকুত জাহ গৈছে বহু কেইটা ঘৰ তাৰ পিছতো যেন গা লৰা নাই বিভাগটোৰ বিষয়ববীয়া সকলৰ । মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ পৰা 1 কোটি 70 লাখ টকা আবণ্টন দিয়া হৈছিল যদিও সকলো অসাৰ প্ৰতিপন্ন কৰি প্ৰায় 20 খন গাঁৱলৈ ভাবুকি নমাই আনিছে এটা মথাউৰিয়ে ৷ চাওক আমাৰ এক প্ৰতিবেদন...
Body:SLUG---KHOHONIYA STORY.
কৰিমগঞ্জ আৰু বদৰপুৰৰ প্ৰতিবেদন
মথাউৰী ছিংগি নিং শেষ হোৱাৰ দিশে কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ প্ৰায় 20 খন কৈ গাঁও।যদিও আজিৰ পৰা 8 মাহ পূৰ্বে মথাউৰী নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ পৰা 1কোটি 70 লাখ টকা আবণ্টন দিয়া হৈছিল যদিও বিভাগীয় আমলা আৰু ঠিকদাৰে কেইটামান বস্তা দি দায়িত্ব সমুৰিল তেওঁলোকে ।প্ৰতিবাৰেই বানে বদৰপুৰ সমষ্টিৰ অন্তৰ্গত কৃষ্ণপূৰ কে ধৰি 20 খন গাঁও প্লাবিত কৰে।ইতিমধ্যে বৰাক নৈৰ বুকুত জা গৈছে বহু কেইটা ঘৰ তাৰ পিছতো যেন গা লৰা নাই অকমন্য এই বিভাগটোৰ বিষয়ববীয়া সকলৰ।স্থানীয় ৰাইজে ইতিমধ্যে তেওঁলোকৰ দুৰ্দশাৰ চিত্ৰ দাঙি ধৰিবলৈ কাষ চাপিছিল বদৰপুৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক জামাল উদ্দিন আহমদৰ কিন্তু
বিধায়কজনে ভুক্তভোগী সকলৰ কয় যে যিহেতু এই গাঁওৰ লোক সকলে কংগ্ৰেছ দলক ভোট দিয়া নাই গতিকে এই সন্দৰ্ভত তেওঁ একো নাজানে যি দলক ভোট দিছে এই দলৰ অৰ্থাৎ এআইউডিএফৰ নেতা সকলৰ কাষ
চাপিবলৈ পৰামৰ্শ আগবঢ়ায়।পিছে ভোট নিদিয়াৰ বাবে নিকী এই দুৰ্দশা এয়া লৈ চলিছে চৰ্চা।স্থানীয় ৰাইজৰ মতে এই মথাউৰী নিৰ্মাণৰ নামত এক বৃহৎ কেলেংকাৰী হৈছে ।এতিয়া শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰে কি ব্যৱস্থা লয় এয়াই হব লক্ষ্যনীয়।
বদৰপুৰৰ পৰা স্বপ্নজিত নাথৰ সহযোগত কৰিমগঞ্জৰ পৰা ৰাম চক্ৰৱৰ্তি ইটিভি ভাৰত অসম।।
Conclusion: