ETV Bharat / state

কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাক লৈ সমালোচনা কংগ্ৰেছৰ

author img

By

Published : Dec 22, 2020, 5:48 PM IST

কয়লা চিণ্ডিকেটৰ টকা খৰচ কৰি কৰিমগঞ্জত ৰাজ্যিক বিজেপিয়ে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে বুলি মঙলবাৰে অনুষ্ঠিত এখন দলীয় সভাত গুৰুতৰ অভিযোগ কৰে কৰিমগঞ্জ জিলা কংগ্ৰেছে ৷

কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাক লৈ সমালোচনা কংগ্ৰেছৰ
কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাক লৈ সমালোচনা কংগ্ৰেছৰ

কৰিমগঞ্জ, 22 ডিচেম্বৰ: কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাক লৈ সমালোচনা জিলা কংগ্ৰেছৰ ৷ তেওঁলোকৰ অভিযোগ কয়লা চিণ্ডিকেটৰ টকা খৰচ কৰি কৰিমগঞ্জত তেওঁলোকে অনুষ্ঠিত কৰিছে বিশাল কাৰ্যনিৰ্বাহক সভা ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰা-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ কথা উল্লেখ কৰি থাকে কিন্তু সেই বৰাক উপত্যকাত ভাষা আন্দোলনত নিহত ব্যক্তি সকলক তেওঁ আজি পৰ্যন্ত শ্বহীদৰ মৰ্যাদা প্ৰদান নকৰিলে বুলি অভিযোগ কৰে জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে ৷ লগতে তেওঁলোকে বিজেপি দলে কয়লা চিণ্ডিকেটকে ধৰি ভিন্ন চিণ্ডিকেটৰ টকা খৰচেৰে সভাখন অনুষ্ঠিত কৰা বুলিও মন্তব্য কৰে ৷ আনহাতে বৰাক উপত্যকাত কাগজ কল বন্ধ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি প্ৰদানৰো আহ্বান কৰিলে কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সভাপতি সতু ৰয়ে ৷

লগতে পঢ়ক: চিৰাঙৰ লাউক্ৰীগুৰিবাসীৰ খোৱাপানীৰ সমস্যা সমাধানৰ আশ্বাস প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.