ETV Bharat / state

কৰিমগঞ্জত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা

author img

By

Published : Jul 30, 2020, 3:17 PM IST

কৰিমগঞ্জৰ ব্ৰাহ্মণ শাসন গাঁৱৰ পৰা দুটাকৈ গৰু চুৰি কৰি ৰঙাঘৰত সোমাল চোৰ ৷ ঘটনা সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

cow thief obstruct by karimganj police
কৰিমগঞ্জত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা

কৰিমগঞ্জ,30জুলাই: ভাৰত বাংলা সীমান্তৰ কৰিমগঞ্জত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা ৷ বুধবাৰে নিশা কৰিমগঞ্জ জিলাৰ ব্ৰাহ্মণ শাসন গাঁৱৰ ৰত্নময় নাথৰ বাসগৃহৰ পৰা দুটাকৈ গৰু চুৰি কৰি লৈ যায় চোৰে ৷ ইয়াৰ পাছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য ৷ কিয়নো চুৰি হোৱা গৰু দুটা ব্ৰাহ্মণ শাসনৰ কাষৰীয়া গাঁওখনৰ আব্দুল চুফানৰ বাসগৃহত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় ৷

কৰিমগঞ্জত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা

ইফালে,চুৰি হোৱা গৰু দুটা গৃহস্থই নিবলৈ অহাৰ পাছতে চুফান আৰু তেওঁৰ বন্ধুৱে মিলি ৰত্নময় নাথক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ এই ঘটনাই ভয়ংকৰ পৰিস্থিতিৰ ৰূপ লোৱাত স্থানীয় লোকে খবৰ দিয়ে কৰিমগঞ্জ আৰক্ষীক ৷ জিলা আৰক্ষী আৰু স্থানীয় বিজেপি কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ থানালৈ লৈ যায় চুফানক ৷ গৰু চুৰি ঘটনা সন্দৰ্ভত কৰিমগঞ্জ থানাত ৰত্নময় নাথে ইতিমধ্যে ৰুজু কৰিছে এক গোচৰ ৷

অন্য এক খবৰৰ বাবে:ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.