ETV Bharat / state

কৰ’ণাতংক : কৰিমগঞ্জত তীব্ৰ চাঞ্চল্য

author img

By

Published : Jul 5, 2020, 10:19 PM IST

কৰিমগঞ্জৰ কায়স্থগ্ৰামত দেওবাৰে এজন লোকক কোভিড-19 পজিটিভ বুলি চিনাক্ত কৰা হয় ৷ ত্ৰিপুৰাৰ পৰা পান্না ভট্টাচাৰ্য নামৰ ব্যক্তি এজনৰ ঘৰত আলহী হিচাপে আহিছিল আক্ৰান্ত লোকজন ৷

কৰ’ণাতংক : কৰিমগঞ্জত তীব্ৰ চাঞ্চল্য
কৰ’ণাতংক : কৰিমগঞ্জত তীব্ৰ চাঞ্চল্য

কৰিমগঞ্জ, 5 জুলাই : কৰিমগঞ্জৰ কায়স্থগ্ৰামত দেওবাৰে কোভিড-19ত আক্ৰান্ত ৰোগীক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । জানিব পৰা মতে, তিনিদিন পূৰ্বে আক্ৰান্ত লোকজন ত্ৰিপুৰাৰ পৰা আহি কয়স্থগ্ৰামত আছিল । পান্না ভট্টাচাৰ্য নামৰ ব্যক্তিৰ ঘৰলৈ আলহী হিচাপে আহিছিল লোকজন । অৱশ্যে এই বিষয়ে অৱগত নাছিল পান্না ভট্টাচাৰ্য ৷

কৰ’ণাতংক : কৰিমগঞ্জত তীব্ৰ চাঞ্চল্য

উল্লেখ্য যে, শনিবাৰে আক্ৰান্ত লোকজনক কৰিমগঞ্জৰ স্বাস্থ্য বিভাগে স্বাব পৰীক্ষাৰ বাবে কোভিড হাস্পতাললৈ লৈ যায় ৷ দেওবাৰে দিনৰ ভাগত সমগ্ৰ ঘটনাৰ খবৰ লাভ কৰি আতংকিত হৈ পৰিছে গাঁওবাসী । প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখি গাঁওবাসীয়ে পান্না ভট্টাচাৰ্যৰ ঘৰৰ গেট বাঁহেৰে বান্ধি দিয়ে । সম্প্ৰতি গণসংক্ৰমণৰ আশংকাত ভুগিছে গাঁওবাসী ৷

লগতে পঢ়ক : শ্বহীদ দিপাঞ্জলৰ সোঁৱৰণত স্বহীদ বেদী আৰু এখন শিশু পাৰ্কৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.