কৰিমগঞ্জ,21 মে': ৰাজ্যত নতুন চৰকাৰ অহাৰ লগে লগে জিলা প্ৰশাসনীয় ব্যৱস্থাত ব্যাপক ৰদবদল হোৱা পৰিলক্ষিত হৈছে ৷ কৰিমগঞ্জ জিলাৰ নৱনিযুক্ত জিলা উপায়ুক্ত হিচাপে যোগদান কৰে খৰ্গেশ্বৰ পেগুৱে ৷
যোগদান কৰিয়েই জিলা উপায়ুক্ত গৰাকীয়ে কৰিমগঞ্জৰ ক’ভিড চিকিৎসালয় পৰিদৰ্শন কৰে ৷ চিকিৎসালয়ত উপস্থিত হৈ উপায়ুক্ত গৰাকীয়ে আই চি ইউ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি প্ৰতিদিনে উপায়ুক্তসকলে জিলাসমূহৰ ক’ভিড চিকিৎসালয় পৰিদৰ্শন কৰি থকা পৰিলক্ষিত হৈছে ৷
ৰোগীৰ লগতে আৰু ডাক্তৰ, ইঞ্জিনিয়াৰসকলে মত বিনিময় কৰি অতি সোনকালে ক’ভিড চিকিৎসালয়ত আই চি ইউৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷
লগতে পঢ়ক: অখিল গগৈক বিধানসভালৈ অপৰাধীৰ দৰে নিয়া কাৰ্যক গৰিহণা ৰাইজৰ দলৰ